মার্কিন পৰীক্ষাগাৰৰ পৰা বিয়পিছে ক’ভিড
নিয়মীয়া বাৰ্তা ৫ জুনঃ আমেৰিকাই চীনৰ য়ুহানৰ পৰীক্ষাগাৰৰ পৰা ক’ভিড–১৯ মহামাৰী বিশ্বজুৰি বিয়পি পৰা বুলি দাবী কৰি চীনৰ বিৰুদ্ধে বিশ্ব স্বাস্থ্য সংস্থাৰ উপৰি বিভিন্ন বিশেষজ্ঞ সংস্থাই তদন্ত চলাব লাগে বুলি দাবী জনাই আহিছে৷ শেহতীয়াকৈ বেইজিং প্রশাসনে আমেৰিকাক উভতি ধৰি কৈছে যে ক’ভিড–১৯ মহামাৰী য়ুহান নহয়, মার্কিন পৰীক্ষাগাৰৰ পৰা বিয়পি পৰিছিল৷ চীনৰ বিদেশ মন্ত্রালয়ৰ মুখপাত্র ৱাং ৱেনবিনে আজি উল্লেখ কৰিছে যে ক’ভিড–১৯ মহামাৰী বিশ্বৰ বিভিন্ন স্থানৰ পৰা বিয়পি পৰাৰ সংবাদ বিভিন্ন সময়ত প্রকাশ পাই আহিছে৷ আনকি আমেৰিকাৰ ফ’ট ডেট্রিক পৰীক্ষাগাৰৰ পৰাও এই মহামাৰী বিভিন্ন স্থানলৈ বিয়পাৰ তথ্য আছে৷ গতিকে, চীনে যেনেদৰে বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞক আমন্ত্রণ জনাই ক’ভিডৰ মূল বিচাৰি অনুসন্ধান চলাইছে, সেইদৰে আমেৰিকায়ো আন্তর্জাতিক সংস্থাটোৰ বিশেষজ্ঞক গৃহভূমিলৈ আমন্ত্রণ কৰি মহামাৰীৰ মূল ক’ত আছিল তাৰ অনুসন্ধান চলোৱা উচিত বুলি মন্তব্য কৰিছে ৱেনবিনে৷