নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘিলামৰা সামুহিক স্বাস্থ্য কেন্দ্ৰৰ  এলেকাত ৪ জুনলৈ ৫৬৮৫ গৰাকীক ক’ভিড পৰীক্ষা সম্পন্ন

নিয়মীয়া বাৰ্তা, ৫ জুন: ৰাজ্যখনত ক’ৰোনা মহামাৰীৰ দ্বিতীয়টো ঢৌৰ ভয়াবহতা ক্ৰমাৎ হ্ৰাস পাই আহিলেও ঘিলামৰা সামুহিক স্বাস্থ্য কেন্দ্ৰৰ এলেকাধিন গ্ৰামাঞ্চল সমুহত ক’ৰোনা সংক্ৰমিত ৰোগীৰ সংখ্যা দিনক দিনে ব্‌দ্ধি পাই অহাত গ্ৰামাঞ্চলত ক’ভিড এণ্টিজেন টেষ্টৰ ব্যৱস্থা অধিক তীব্ৰতৰ কৰি তোলে যদিও ৪ জুনত এজনো ক’ৰোনা সংক্ৰমিত ৰোগী চিনাক্ত হোৱা নাই ৷

লখিমপুৰ জিলাৰ ঘিলামৰা সামুহিক স্বাস্থ্য কেন্দ্ৰৰ এলেকাত ৪ জুনলৈকে মুঠ ৫৬৮৫ গৰাকী লোকক ক’ভিড পৰীক্ষা সম্পন্ন কৰা হয় আৰু ইয়াৰে ১৫৩ গৰাকীক ক’ভিড  আক্ৰান্ত ৰোগী বুলি চিনাক্ত কৰি গ্‌হ বন্দী কৰা হয় বুলি জানিবলৈ দিয়ে স্বাস্থ্য কেন্দ্ৰটো চিকিৎসা বিষয়া গৰাকীয়ে৷

স্বাস্থ্য কেন্দ্ৰটোৰ অধিনৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ সমুহৰ এলেকাধিন গ্ৰামাঞ্চল সমুহত কৰা বিশেষ ৰেপিড এণ্টিজেন টেষ্টৰ অংশ হিচাপে ৪ জুনত ১২টা স্বানত ২১৩ গৰাকীক কৰা ক’ভিড এণ্টিজেন টেষ্টত কোনো লোকৰে দেহত ক’ৰোনা সংক্ৰমণ ধৰা পৰা নাই বুলিও জানিবলৈ দিয়ে চিকিৎসা বিষয়া গৰাকীয়ে

You might also like