ইন্দিৰাঃ গেব্ৰিয়েল গাৰ্ছিয়া মাৰ্কেছৰ অবৈধ সম্পৰ্কৰ সন্তান!
লভ ইন দ্য টাইম অৱ কলেৰাৰ স্ৰষ্টা গেব্ৰিয়েল গাৰ্ছিয়া মাৰ্কেছৰ অবৈধ সম্পৰ্কৰে জন্মা সন্তানো আছে নেকি? হয়, এই কথাই এতিয়া সকলোকে আচৰিত কৰি তুলিছে। এছোচিয়েট প্ৰেছে প্ৰকাশ কৰিছে এই চাঞ্চল্যকৰ তথ্য। বিশ্ব সাহিত্যৰ এইগৰাকী অন্যতম প্ৰখ্যাত লেখকৰ মৃত্যুৰ ইমান দিন পাছত উন্মুক্ত হৈছে ব্যক্তিগত জীৱনৰ এই তথ্য়।সকলোৱে জনা মতে ২০১৪ চনত মৃত্যু হোৱা মাৰ্কেছে পাঁচ দশকৰো আগতে মাৰ্চিডিছ বাৰ্চাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল।
তেওঁলোকৰ আছে ৰড্ৰিগ’ আৰু গঞ্জাল’ নামেৰে দুটি সন্তান, যিয়ে এতিয়া মেক্সিকো চিটীত বাস কৰি আছে। এছোচিয়েট প্ৰেছে নিশ্চিত কৰা আৰু প্ৰথমে কলম্বিয়ান বাতৰি কাকত এখনে প্ৰকাশ কৰা মতে, ১৯৯০ৰ দশকত ছুচানা কেটো নামৰ লেখিকাগৰাকীৰ সৈতে মাৰ্কেছৰ বিবাহ বহিঃৰ্ভূত সম্পৰ্ক স্থাপন হৈছিল আৰু সেই সম্পৰ্কৰ চিন স্বৰূপে আছে এটি কন্যা সন্তান। মাৰ্কেছৰ এই সন্তানটিৰ নাম ইন্দিৰা আৰু তেওঁ মাতৃৰ উপাধি লৈ ইমান দিনে জীৱন যাপন কৰি আহিছে।