নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰজনীকান্তৰ কন্যাৰ সৈতে বিবাহ বিচ্ছেদ ধনুষৰ

১৮ বছৰৰ দম্পত্য জীৱনত ইতি পেলালে দক্ষিণৰ ছুপাৰষ্টাৰ ধনুষে। ৰজনীকান্তৰ কন্যা ঐশ্বর্যাৰ সৈতে বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰিলে অভিনেতাগৰাকীয়ে। সোমবাৰে ৰাতি টুইটাৰত ধনুষে লিখিলে মনৰ কথা। বন্ধু, দম্পত্তি তথা অভিভাৱক, তাৰ উপৰিও শুভাকাংক্ষী হিচাবে ১৮ বছৰে একেলগে থকাৰ পৰা দুয়োৰে পথ বেলেগ হোৱালৈ সকলো নিজেই জনালে অভিনেতাগৰাকীয়ে।


তেওঁ আৰু পত্নী ঐশ্বৰ্যাই এই সিদ্ধান্ত দুয়োৱে দুয়োকে বুজিবলৈ লোৱা বুলিও জনালে আৰু সকলোকে ব্যক্তিগত পৰিসীমা বজাই ৰাখিবলৈও অনুৰোধ জনালে।

You might also like