নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জার্মানীত মার্কেলৰ পুনৰ লকডাউন ঘোষণা

নিয়মীয়া বাৰ্তা ১৪ ডিচেম্বৰঃ ইউৰোপীয় দেশ জার্মানীত এইবাৰ বৰদিন পালন কৰাৰ ক্ষেত্রত সৃষ্টি হ’ব নতুন সংকট৷ কাৰণ দেশখনৰ চেঞ্চেলাৰ এঞ্জেলা মার্কেলে বুধবাৰৰ পৰা ঘোষণা কৰিছে ক’ভিড–১৯ৰ সংক্রমণ প্রতিৰোধী লকডাউন৷ ১০ জানুৱাৰী পর্যন্ত অব্যাহত থাকিব এই লকডাউন৷ লকডাউনৰ সময়ছোৱাত জৰুৰী বুলি বিবেচনা নোহোৱা দোকান–পোহাৰ আৰু শিক্ষানুষ্ঠানবোৰ বন্ধ থাকিব৷ দেশখনৰ ১৬খন প্রদেশৰ নেতাসকলৰ সৈতে আলোচনাত মিলিত হোৱাৰ পিছতে মার্কেলে ক’ভিড–১৯ প্রতিৰোধী লকডাউন ঘোষণা কৰিছে৷ স্মর্তব্য যে জার্মানীত শেহতীয়াকৈ পুনৰ ক’ভিড মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে৷

You might also like