নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ প্রদেশৰ গাজিয়াবাদ বিশ্বৰ দ্বিতীয় সর্বাধিক প্রদূষিত চহৰ

নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ বিশ্বৰ দ্বিতীয় সর্বাধিক প্রদূষিত চহৰ উত্তৰ প্রদেশৰ গাজিয়াবাদ৷ ব্রিটিছ কোম্পানী হাউছ ফ্রেছে প্রকাশ কৰা বিশ্বৰ সর্বাধিক প্রদূষিত ৫০খন চহৰৰ তালিকাত গাজিয়াবাদে দ্বিতীয় স্থান লাভ কৰিছে৷ গাজিয়াবাদত প্রদূষণৰ মূল কাৰক হিচাপে যান–বাহনৰ পৰা নির্গমন হোৱা কার্বন–ডাই–অক্সাইডক ধৰি বিভিন্ন কণিকাক গণ্য কৰা হৈছে৷ উত্তৰ প্রদেশত গেটৱে গাজিয়াবাদত আন চহৰৰ তুলনাত যান–বাহনৰ ভিৰ অধিক৷

ইপিনে, বিশ্বৰ সর্বাধিক প্রদূষিত চহৰৰ শীর্ষস্থানত আছে চীনৰ হোতান চহৰ৷ জিন ঝিয়াং প্রদেশৰ হোতান চহৰত পি এম ২.৫ৰ পৰিমাণ অতি বিপজ্জনক৷ মন কৰিবলগীয়া যে হোতান চহৰ টাকলি মাকান মৰুভূমিৰ সংলগ্ন হৈ থকাৰ বাবে চহৰখনত বালিকে ধৰি বিভিন্ন প্রদূষিত সামগ্রী বায়ুমণ্ডলত সৰি পৰে৷

আনহাতে, বাংলাদেশৰ মানিকগঞ্জ চহৰ তালিকাত তৃতীয় স্থানত আছে৷ উল্লেখ্য যে ২০২০ চনৰ প্রদূষিত দেশৰ তালিকাত বাংলাদেশ সবাধিক প্রদূষিত দেশ হিচাপে চিহ্ণিত হৈছে৷

You might also like