নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত ৩৮,৬৬৭গৰাকী

নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ দেশত যোৱা ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈছে ৩৮,৬৬৭গৰাকী৷ মৃত্যু ঘটিছে ৪৭৮গৰাকীৰ৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে আজি এই তথ্য সদৰী কৰে৷ তথ্য মতে যোৱা ২৪ ঘণ্টাত সুস্থ হৈ উঠিছে ৩৫,৭৪৩গৰাকী৷ ইয়াকে লৈ দেশজুৰি সুস্থ হোৱা সংখ্যা ৩,১৩,৩৮,০৮৮গৰাকীলৈ বৃদ্ধি পালে৷ সুস্থতাৰ হাৰ ৯৭.৪৫৷ বর্তমান দেশত সক্রিয় ক’ভিড ৰোগীৰ সংখ্যা ৩,৮৭,৬৭৩গৰাকী৷ যোৱা ২৪ ঘণ্টাত মৃত্যু ঘটা ৪৭৮গৰাকীক লৈ মৃতকৰ সংখ্যা ৪,৩০,৭৩২লৈ বৃদ্ধি পাছে৷

ইপিনে, যোৱা ২৪ ঘণ্টাত ৬৩ লাখতকৈ অধিক লোকক ভেকচিন প্রদান কৰা হৈছে৷ ইয়াকে লৈ দেশত মুঠ ভেকচিন প্রদান কৰা লোকৰ সংখ্যা ৫৩ কোটিৰ অধিক হৈছে৷ দেশত যোৱা ২৪ ঘণ্টাত আক্রান্তৰ ভিতৰত কেৰালাত সর্বাধিক ২১ সহস্রাধিক৷ আনহাতে, সর্বাধিক আক্রান্ত আৰু ক্ষতিগ্রস্ত মহাৰাষ্ট্রত ক’ভিডৰ ডেল্টা প্লাছ প্রকৰণত ৫জন লোকৰ মৃত্যু ঘটিছে৷ ইয়াকে লৈ ক’ভিড–১৯ৰ তৃতীয় জোৱাৰৰ আৰম্ভণিৰ সংকেত দিছে৷

You might also like