নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাম মন্দিৰত প্রাণ প্রতিষ্ঠা : ২২ জানুৱাৰীত সমগ্র দেশৰ চৰকাৰী কার্যালয়ত অর্ধছুটী

🔹  ২২ জানুৱাৰীত দিনৰ ১২.৩০ বজাৰ পৰা প্রাণ প্রতিষ্ঠা উৎসৱ

🔹 ৫৫০ বছৰ অপেক্ষাৰ অন্তত মন্দিৰৰ গর্ভগৃহত প্রতিষ্ঠা হ’ল ভগৱান ৰামৰ মূর্তি

বিশেষ বাৰ্তা, ১৮ জানুৱাৰী : কোটি কোটি ৰামভক্তৰ বাবে এক ধর্মীয় আৱেগিক ক্ষণ৷ ৫৫০ বছৰৰ সুদীর্ঘকাল অপেক্ষাৰ শুভ অন্ত৷ ২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠাৰ মূল পর্বৰ পূর্বে আজি নৱনির্মিত ৰাম মন্দিৰৰ গর্ভগৃহত প্রতিষ্ঠা কৰা হ’ল ভগৱান ৰামলালাৰ মূর্তি৷ ৫১ ইন্সিৰ ভগৱান ৰামৰ বালক মূর্তিটো আজি পুৱাৰ ভাগত ৰাম মন্দিৰৰ গর্ভগৃহত স্থাপন কৰা হ’ল৷ ব্লেক ষ্ট’নেৰে নির্মিত মূর্তিটো মন্দিৰৰ ভিতৰত অতি যতনেৰে স্থাপন কৰাৰ বাবে ক্রেন ব্যৱহাৰ কৰা হয়৷ কর্ণাটকৰ মহীশূৰৰ ভাস্কর্য শিল্পী অৰুণ যোগীৰাজৰ দ্বাৰা নির্মিত ৫১ ইন্সিৰ বালক ৰামৰ মূর্তিটো স্থাপন কৰাৰ লগে লগে ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠাৰ মূল পর্বৰ এক ধর্মীয় কার্যসূচী ৰূপায়িত হ’ল৷ অহা ২২ জানুৱাৰীৰ দিনৰ ১২.৩০ বজাত প্রাণ প্রতিষ্ঠা উৎসৱ আৰম্ভ হ’ব৷ শ্রীৰাম জনমভূমি তীর্থক্ষেত্র ন্যাসৰ অধ্যক্ষ মহন্তনৃত্য গোপাল দাস, প্রধানমন্ত্রী নৰেন্দ্র মোদী, আৰএছএছৰ মুৰব্বী মোহন ভাগৱত, উত্তৰ প্রদেশৰ ৰাজ্যপাল আনন্দি বেন পেটেল, মুখ্যমন্ত্রী যোগী আদিত্যনাথকে ধৰি দেশৰ বিভিন্ন প্রান্তৰ সাধু–সন্যাসী আৰু বিশিষ্ট আমন্ত্রিত অতিথিৰ উপস্থিতিত প্রাণ প্রতিষ্ঠা  উৎসৱ ৰূপায়ণ হ’ব৷ ৰাম মন্দিৰ মুকলিৰ ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ বিশেষ সুবিধা প্রদান কৰি কেন্দ্রীয় চৰকাৰে সকলো কার্যালয় অর্ধ ছুটী ঘোষণা কৰিছে৷ ইপিনে, শ্রীৰাম জনমভূমি মন্দিৰক লৈ উৎসর্গিত ৬টা স্মাৰক ডাক টিকট আজি মুকলি কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ ভগৱান ৰামৰ প্রতি উৎসর্গিত কৰি প্রকাশ কৰা এই ৬টা স্মাৰক ডাক টিকট হৈছে– ৰাম মন্দিৰ, ভগৱান গণেশ, ভগৱান হনুমান, জটায়ু, কেৱতৰাজ আৰু মা ছাব্রি৷ ডাক টিকট মুকলি কৰি প্রধানমন্ত্রী মোদীয়ে কয়– আজি ৰাম মন্দিৰ প্রতিষ্ঠা উৎসৱ সম্পর্কীয় আন এক কার্যসূচীত জড়িত হ’বলৈ সুযোগ পাইছোঁ৷ ৰাম মন্দিৰক লৈ উৎসর্গিত ৬টা স্মাৰক ডাক টিকট মুকলি কৰিছোঁ৷ ইয়াৰ উপৰি বিশ্বজুৰি ভগৱান ৰাম সম্পর্কিত বিষয়ৰ ডাক টিকটৰ গ্রন্থ এখনো মুকলি কৰিছোঁ৷ ভগৱান ৰাম, দেৱী সীতা আৰু ৰামায়ণৰ কাহিনীবোৰে সকলোৰে ধর্ম অথবা জাতিৰ সম্পর্কিত হৈ আছে৷ সকলো প্রত্যাহ্বান সত্ত্বেও প্রেমৰ জয় ৰামায়ণে আমাক শিকাইছে৷ ই সমগ্র মানৱ জাতিক প্রতিফলিত কৰে৷ এনে কাৰণতেই সমগ্র বিশ্ব ভগৱান ৰামৰ প্রতি আকর্ষিত হৈ আহিছে৷ উল্লেখ্য যে প্রধানমন্ত্রী মোদীয়ে মুকলি কৰা স্মাৰক ডাক টিকটসমূহত ৰাম মন্দিৰ, চৌপাই মংগল ভৱন অমংগল হৰি, সূর্য, সৰযু নদী আৰু মন্দিৰটোৰ বিভিন্ন ভাস্কর্যৰ আৰ্হি আছে৷ আর্হিত পঞ্চভূতখ্যাত আকাশ, বায়ু, অগ্ণি, ধৰিত্রী আৰু জলো সাঙোৰা আছে৷ লক্ষণীয় যে ৪৮ পৃষ্ঠাৰ ডাক টিকটৰ গ্রন্থৰ প্রচ্ছদত ২০খনতকৈ অধিক দেশৰ লগতে ৰাষ্ট্রসংঘকে ধৰি বিভিন্ন সংগঠনৰ বিষয় জড়িত হৈ আছে৷ প্রসংগক্রমে উনুকিয়াব লাগিব যে ২০১৯ চনৰ ৯ নৱেম্বৰত অযোধ্যাৰ ৰাম জনমভূমিক লৈ উচ্চতম ন্যায়ালয়ে দিয়া ঐতিহাসিক ৰায়ৰ পাছত ২০২০ চনৰ ৫ আগষ্টত অযোধ্যাত ৰাম মন্দিৰ নির্মাণৰ আধাৰশিলা স্থাপন কৰা হয়৷ এই মন্দিৰটোতে অহা ২২ জানুৱাৰীত প্রাণ প্রতিষ্ঠা কৰা হ’ব৷ ইয়াকে লৈ সমগ্র দেশত চলিছে ভগৱান ৰামৰ বন্দনা, জয় শ্রীৰাম ধ্বনি৷

You might also like