দেশ বিদেশৰাষ্ট্ৰীয় কাশ্মীৰত গুলীচালনা, গুলীবিদ্ধ নিথৰ দেহত নিৰ্বাক এটি শিশু By নিয়মীয়া বাৰ্তা On Jul 1, 2020 Share নিয়মীয়া বাৰ্তা, ১ জুলাইঃ জম্মু কাশ্মীৰৰ বাৰামুল্লা জিলাৰ ছোপোৰত আজি পুৱা ঘটি যোৱা এটা ঘটনাই বিহ্বল কৰি তুলিছে সকলো মানৱদৰদীৰে অন্তৰ। চি আৰ পি এফৰ দল এটাৰ ওপৰত কাশ্মীৰী উগ্ৰপন্থীয়ে চলোৱা আক্ৰমণত দুগৰাকী জোৱানৰ লগতে নিহত হৈছিল আন দুগৰাকী সাধাৰণ নাগৰিক। নাগৰিক দুজনৰ এজনৰ লগত আছিল এটি কণমানি শিশু। অবিৰাম গুলীচালনাৰ মাজতে শিশুটি অবাক-আশ্চৰ্যান্বিত হৈ বহি ৰৈছিল গুলীবিদ্ধ নিথৰ দেহটোৰ ওপৰত। সাংবাদিকে তোলা এই আলোকচিত্ৰ ইমানেই হূদয় বিদাৰক যে তাক ভাষাৰে বৰ্ণনা কৰিব পৰা নাযায়। উৎকণ্ঠা-উত্তেজনাৰে ভৰা মুহূৰ্তৰ মাজতো বি এছ এফৰ এগৰাকী জোৱানে শিশুটিক নিৰাপদ ঠাইলৈ আঁতৰাই নিয়ে। জানিব পৰা মতে, মৃত নাগৰিকজন শিশুটিৰ ককাক বছিৰ আহমেদ। নাতিয়েকক লৈ পুৱাই তেওঁ ওলাই আহিছিল ওচৰৰ বজাৰলৈ। কিন্তু বি এছ এফৰ জোৱানলৈ চোপ লৈ থকা সন্ত্ৰাসবাদীৰ গুলীচালনাত থিতাতে ঢলি পৰে বশিৰ আহমেদ। কোনো আও ভাও বুজি নোপোৱা শিশুটিয়ে ককাকৰ বুকুত কান্দি বহি থাকে। নিৰাপদ ঠাইলৈ অনাৰ পিছত আৰক্ষীয়ে শিশুটিক ঘৰত মাকৰ হাতত গতাই দিয়ে। ছচিয়েল মিডিয়াত ইতিমধ্যে ভাইৰেল হৈ পৰা এই দূশ্যই কাশ্মীৰ সমস্যাক পুনৰ উদঙাই দেখুৱালে বুলি চৰ্চিত হৈছে। উল্লেখ্য, আজি পুৱা প্ৰায় ৭.৩০ বজাত ঘটা গুলীচালনাৰ ঘটনাত আন এজন জোৱান গুৰুতৰভাৱে আহত হয়। Share