নদীৰ অস্তিত্ব বিপন্ন কৰি জলবিদ্যুৎ প্রকল্প হ’ব নোৱাৰে
ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণৰ গুৰুত্বপূর্ণ ঘোষণা
নিয়মীয়া বাৰ্তা ১২ জানুৱাৰীঃ নদীৰ অস্তিত্ব বিপন্ন কৰি জলবিদ্যুৎ প্রকল্প হ’ব নোৱাৰে৷ অতি তাৎপর্যপূর্ণ এই ঘোষণা ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণৰ (এন জি টি)৷ নৈৰ জৈৱ–বৈচিত্র্য অক্ষুণ্ণ ৰখাৰ হকে জলবিদ্যুৎ প্রকল্প বা নদীবান্ধৰ পৰা নামনি অংশত নূ্যনতম পানী এৰাৰ বাবে আজি এন জি টিয়ে নির্দেশ দিছে৷ অসম, অৰুণাচল প্রদেশ, উত্তৰাখণ্ড, ছিকিম, পশ্চিমবংগ আৰু জম্মু–কাশ্মীৰৰ ৰাজ্যিক প্রদূষণ নিয়ন্ত্রণ ব’ডৰ এই নির্দেশ কার্যকৰী কৰাৰ বাবে দায়িত্ব অর্পণ কৰিছে এন জি টিয়ে৷ আনকি প্রয়োজনত কাৰিকৰী দৃষ্টিকোণৰ পৰা জলবিদ্যুৎ প্রকল্পসমূহৰ পৰা সালসলনিৰ কথাও উল্লেখ কৰা হৈছে৷ এন জি টিৰ অধ্যক্ষ ন্যায়াধীশ আদর্শ কুমাৰ গোৱেল নেতৃত্বাধীন খণ্ড বিচাৰপীঠৰ গুৰুত্বপূর্ণ মন্তব্য– নদীৰ জৈৱ–বৈচিত্র্য (ৰিভাৰাইন ইক’লজী) অক্ষুণ্ণ ৰাখিবই লাগিব৷ ব্যৱসায়িক কাম–কাজ নদীৰ অস্তিত্বৰ ঊর্ধ্বত হ’ব নোৱাৰে৷ জীৱনৰ অধিকাৰ সুনিশ্চত কৰাহে উন্নয়নমূলক কাম–কাজৰ অন্যতম লক্ষ্য৷
উল্লেখ্য যে হিমাচল প্রদেশৰ বিজয় কুমাৰ নামৰ ব্যক্তি এজনে দাখিল কৰা এখন আবেদনৰ বিপৰীতে এন জি টিয়ে আজি এই গুৰুত্বপূর্ণ ৰায়দান কৰিছে৷ লক্ষণীয়ভাৱে ৰাষ্ট্রীয় জলবিদ্যুৎ শক্তি নিগমে (এন এইচ পি চি) নদীৰ নামনি অংশত নূ্যনতম পানী সৰবৰাহ কৰাৰ বিষয়টোত বিৰোধিতা কৰি এন জি টিৰ মজিয়াত যুক্তি আগবঢ়াইছিল যদিও ন্যায়াধীশ গোৱেল নেতৃত্বাধীন খণ্ড বিচাৰপীঠখনে এই যুক্তি নস্যাৎ কৰি নদীৰ নামনি অংশত সদায় কমেও ১৫ শতাংশ পানী সৰবৰাহ কৰাৰ হকে ৰায় দিয়ে৷ ইয়াৰ বাবে জলবিদ্যুৎ প্রকল্পসমূহত যদি কাৰিকৰী দৃষ্টিকোণৰ পৰা কোনো ধৰণৰ সালসলনি কৰিব লাগে, সেয়া সম্পূর্ণ কৰিবলৈকো আজি নির্দেশ দিয়ে খণ্ড বিচাৰপীঠখনে৷ এন জি টিৰ স্পষ্ট বক্তব্য– প্রযুক্তিগত তথা ব্যৱসায়িক সীমাবদ্ধতা পৰিৱেশ সংক্রান্তত আইন উলংঘা কৰাৰ কোনো যুক্তি অথবা কাৰণ হ’ব নোৱাৰে৷ এইক্ষেত্রত ৯ মাহ পূর্বে এন জি টিয়ে দিয়া নির্দেশনাক কার্যতঃ অংগুষ্ঠ প্রদর্শনেৰে কেন্দ্রীয় জলশক্তি মন্ত্রালয়ে আজিকোপতি কোনো প্রতিবেদন দাখিল নকৰাত খণ্ড বিচাৰপীঠখনে আজি ক্ষোভ ব্যক্ত কৰাও পৰিলক্ষিত হয়৷