নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩ কোটি ক’ৰোনা যোদ্ধাৰ টিকাকৰণৰ ব্যয় বহন কৰিব কেন্দ্রই

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ  ১৬ জানুৱাৰীত দেশজুৰি ক’ভিড–১৯ টিকাকৰণ আৰম্ভ হোৱাৰ পূর্বেই আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এই টিকাকৰণ সুকলমে পৰিচালিত কৰা সন্দর্ভত ৰাজ্যৰ মুখ্যমন্ত্রীসকলৰ সৈতে ভার্চুৱেল বার্তালাপ কৰে৷ মুখ্যমন্ত্রীসকলৰ সৈতে বার্তালাপ কৰি প্রধানমন্ত্রী মোদীয়ে এই টিকাকৰণ কি দৰে চলোৱা হ’ব, সেই সন্দর্ভত বিতংভাৱে আলোচনা কৰে৷ যোৱা ৩ জানুৱাৰীত ড্রাগ কণ্ড্র’লাৰ জেনেৰেল অৱ ইণ্ডিয়াই ক’ভিড–১৯ ভেকচিন ক’ভিশ্বিল্ড আৰু ক’ভাক্সিন জৰুৰীকালীনভাৱে ব্যৱহাৰত অনুমোদন জনোৱাৰ পিছত কেন্দ্রীয় চৰকাৰে যোৱা ৯ জানুৱাৰীত দেশজুৰি টিকাকৰণ কার্যসূচী ১৬ জানুৱাৰীত আৰম্ভ হ’ব বুলি ঘোষণা কৰাৰ পিছত আজি প্রধানমন্ত্রী মোদীয়ে কয় যে এই টিকাকৰণ কার্যসূচী বিশ্বৰ বৃহত্তম৷ প্রথম পর্যায়ত ক’ৰোনা যোদ্ধা, অগ্রণী কর্মী তিনি কোটিক এই ভেকচিন প্রদান কৰা হ’ব৷ জনপ্রতিনিধিক এই প্রথম পর্যায়ৰ টিকাকৰণত সাঙুৰি লোৱা নহয়৷ দুটাকৈ দেশীয়ভাৱে প্রস্তুত কৰা ভেকচিনক প্রয়োগৰ অনুমতি দিয়াৰ পিছত আন চাৰিটা ভেকচিনো শীঘ্রেই প্রয়োগৰ বাবে সাজু হৈ উঠিব বুলি কয় প্রধানমন্ত্রী মোদীয়ে৷

ইপিনে, টিকাকৰণৰ প্রথমটো ড’জ লোৱাৰ পিছতেই ম’বাইলত আপলোড কৰা ক’উইন এপত ডিজিটেল চাটির্ফিকেট প্রদান কৰা হ’ব৷ প্রথম পর্যায়ত তিনি কোটি ক’ৰোনা যোদ্ধা–গ্রণী কর্মীক প্রদান কৰা ভেকচিনৰ ব্যয় কেন্দ্র চৰকাৰে গ্রহণ কৰিব৷ ৰাজ্য চৰকাৰসমূহে এই ব্যয় বহন কৰিব নালাগে বুলি প্রধানমন্ত্রীগৰাকীয়ে ঘোষণা কৰে৷ ক’ৰোনা যোদ্ধাৰ উপৰি ৫০ বছৰ ঊর্ধ্বৰ লোকক দ্বিতীয় ৰাউণ্ডত টিকাকৰণ কৰা হ’ব৷ বিশ্বত বর্তমানলৈ প্রায় ২.৫ কোটি লোকক টিকাকৰণ কৰাৰ প্রসংগ উল্লেখ কৰি প্রধানমন্ত্রীগৰাকীয়্ কয় যে পৰৱর্তী কেইমাহমানৰ ভিতৰতে ভাৰতে ৩০ কোটি লোকক টিকাকৰণৰ লক্ষ্য নির্ধাৰণ কৰি লৈছে৷

ইপিনে, দেশজুৰি সকলো ৰাজ্যৰ জিলাসমূহত ক’ভিড–১৯ ভেকচিনৰ সফল ড্রাইৰানক প্রশংসা কৰে প্রধানমন্ত্রীগৰাকীয়্৷ টিকাকৰণ অভিযান আৰম্ভ হোৱাৰ পিছত যাতে উৰাবাতৰি বিয়পি নপৰে, সেই সন্দর্ভত নিশ্চিত ব্যৱস্থা গ্রহণ কৰিবলৈ ৰাজ্য চৰকাৰসমূহক আহ্বান জনায় প্রধানমন্ত্রীগৰাকীয়্৷ উল্লেখ্য যে ডি চি জি আয়ে দেশত জৰুৰীকালীনভাৱে ব্যৱহাৰত অনুমোদন জনোৱা ভেকচিন দুটা হৈছে ভাৰত বায়ুটেক, ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছার্চ আৰু ইনষ্টিটিউট অৱ ভাইৰ’লজীৰ দ্বাৰা বিকশিত ক’ভাক্সিন আৰু অক্সফ’ড বিশ্ববিদ্যালয়–স্ত্র দ্বাৰা বিকশিত ভাৰতত পৰীক্ষণ আৰু উৎপাদনৰ দায়িত্বত থকা ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ ক’ভিড–১৯ ভেকচিন ক’ভিশ্বিল্ড৷

You might also like