নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিয়াৰ দিনা মদ খাবলৈ দিয়া নাছিল বেছিকৈ টকা! যাৰবাবে দৰাক হত্যা কৰিলে বন্ধুৱে…

নিয়মীয়া বার্তা, ১৭ ডিচেম্বৰঃ  বিয়াৰ দিনা মদ খাবলৈ বেছিকৈ টকা নিদিয়াৰ অপৰাধতেই দৰাক হত্যা কৰিলে একাংশ বন্ধুৱে। অবিশ্বাচ্য লাগিলেও এই ঘটনা সংঘটিত হৈছে উত্তৰপ্ৰদেশত।

বিগত সোমবাৰে উত্তৰপ্ৰদেশৰ পালিমুকিমত ২৮ বছৰীয়া বাবলু নামৰ এজন যুৱকৰ বিয়া আছিল। বিয়া উপলক্ষে কেইজনমান বন্ধুয়ে মদ্যপান কৰিবলৈ টকা বিচাৰিছিল দৰা বন্ধু বাব্লুৰ পৰা। কিন্তু বন্ধুৱে দাবী কৰা পৰিমাণৰ টকা দিয়া নাছিল দৰা বাব্লুৱে। যাৰবাবে সেই কথাতে ক্ষুন্ন হৈ বন্ধুকেইজনে মাৰধৰ কৰে দৰাক।

লগতে পঢ়কঃ যৌন জীৱনৰ সৈতে পোনপটীয়া সম্পৰ্ক আছে সুস্বাস্থ্যৰঃ গৱেষণা

ইপিনে ইমানতে ক্ষান্ত নাথাকি বিয়াৰ পাছত দৰা বাবলুক বন্ধুকেইজনে টকা নিদিয়াৰ অপৰাধতে চুকা অস্ত্ৰৰে আঘাত কৰে। অৱশ্যে স্থানীয় লোকসকলে বাবলুক ততাতৈয়াকৈ হাস্পতাললৈ নিয়ে যদিও চিকিৎসকে দৰা বাবলুক মৃত বুলি ঘোষণা কৰে।

You might also like