নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইবাৰ মোদী-ৰাহুল-কেজৰিৱালৰ লক্ষ্য এক

বিশেষ বাৰ্তা, ১০ মেঃ আজি গুজৰাটলৈ গৈছে কংগ্রেছ নেতা ৰাহুল গান্ধী। কাইলৈ যাব আপ নেতা তথা দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল। পৰহিলৈ অর্থাৎ বৃহস্পতিবাৰে নিজৰ ৰাজ্যলৈ যাবলৈ সাজু প্রধানমন্ত্রী নৰেন্দ্র মোদী। বিগত দুমাহত প্রধানমন্ত্রী আৰু দিল্লীৰ মুখ্যমন্ত্রীয়ে তৃতীয়বাৰৰ বাবে গুজৰাটলৈ যাব। ৰাহুল গৈছিল তিনি মাহমান আগেয়ে। অহা ডিচেম্বৰত গুজৰাটৰ বিধানসভা নিৰ্বাচন। গতিকে সকলো দলৰেই লক্ষ্য গুজৰাট। নেতাসকলে ঘনে ঘনে গৈছে ৰাজ্যখনলৈ। প্রধানমন্ত্রীৰ বাবে নিজৰ ৰাজ্যৰ ভোটৰ গুৰুত্ব কিমান সেয়া কোৱাৰ প্ৰয়োজন নাই। আনফালে পাঞ্জাব নিৰ্বাচনত বৃহৎ জয় সাব্যস্ত কৰা আপে গুজৰাটতো তাৰে পুনৰাবৃত্তি ঘটাবলৈ বদ্ধপৰিকৰ। পাঞ্জাবখনো হাতৰ পৰা যোৱা তথা উত্তৰপ্রদেশসহ বাকী চাৰি ৰাজ্যত বৰ বেয়াকৈ মুখ থেকেচা খোৱাৰ পাছত গুজৰাটত আশাৰ দৃষ্টি দিছে ৰাহুল গান্ধীয়ে। আগৰ দুবাৰৰ ভ্ৰমণত বিজেপিক প্ৰত্যাহ্বান জনাই কেজৰিৱালে কৈছে এইবাৰ গুজৰাট আপৰ। লগতে কৈছে কংগ্রছৰ ব্যর্থতাৰ কাৰণেই গুজৰাটত বিজেপিৰ অপশাসন চলিছে। অর্থাৎ কেজৰিৱালৰ কথাত এয়া স্পষ্ট যে কংগ্রেছৰ ভোট নিজৰ পিনে টানি বিজেপিক ক্ষমতাচ্যুত কৰিব বিচাৰিছে তেওঁ। এই বছৰৰ শেষত হিমাচলতো বিধানসভা নিৰ্বাচন। তাতো যুঁজিব আপে। কিন্তু কেজৰিৱালে ঘনে গুজৰাট ভ্ৰমণলৈ গৈ বুজাই দিছে যে প্রধানমন্ত্রীৰ ৰাজ্য দখল তেওঁৰ লক্ষ্য।

You might also like