নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ হিমন্ত বিশ্ব চৰকাৰৰ এবছৰ সফলতা, সম্ভাৱনা আৰু প্রত্যাহ্বান

-ড০ খর্গেশ্বৰ ডেকা

প্রায় প্রতিগৰাকী ব্যক্তিয়ে একোটা বছৰৰ শেষত আৰু নৱবর্ষৰ আৰম্ভণিতে পাৰ হৈ যোৱা বছৰটোৰ প্রাপ্তি–প্রাপ্তি আদিৰ হিচাপ–নিকাচ কৰে৷ ২০২১ ইং বর্ষৰ ১০ মে’ত অসমত দ্বিতীয়খন বিজেপি চৰকাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত ৰাজ্যখনৰ দায়িত্ব গ্রহণ কৰিছিল৷ ৰাইজৰ আশা–আকাংক্ষা পূৰণ কৰাত চৰকাৰখন কিমান দূৰ সফল হ’ল আৰু কোনখিনিত বিফল হ’ল তাৰ পর্যালোচনা হোৱাটো তেনেই স্বাভাৱিক কথা৷ এটা কথা অতি সঁচা যে ৰাজনীতিত সকলোৱে ভাল পাব বুলি কোনো কথা নাই৷ মুখ্যমন্ত্রী ড০ শর্মাই নিজেই কৈছে– ‘ৰাজনীতি বর্তমান আটাইতকৈ কঠিন বৃত্তি৷ প্রত্যেক দিনাই পৰীক্ষা দিব লাগে ৰাজনৈতিক নেতাই৷’ এইখিনিতে প্রখ্যাত দার্শনিক স্বামী বিবেকানন্দৰ এষাৰ কথা মনলৈ আহিছে৷
‘In a day, when you do not come across any problem, you can be sure that you are travelling in wrong path.’

– Swami Vivekananda

কোনো ৰাজনৈতিক নেতায়েই অজাত শত্রু নহয়, হ’ব নোৱাৰে৷ তথাপি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ একাংশ ঘোৰ সমালোচককে ধৰি অসমৰ সর্বসাধাৰণ ৰাইজৰ বৃহৎসংখ্যকে স্বীকৃতি দিবলৈ বাধ্য হৈছে যে অসমখনক দ্রুতগতিত উন্নয়নৰ জখলাত বগাই নিবলৈ, এখন সমৃদ্ধিশালী ৰাজ্যলৈ ৰূপান্তৰ কৰিবৰ বাবে বর্তমানৰ চৰকাৰখনে অহৰহ প্রচেষ্টা চলাইছে৷ লগতে বর্তমানৰ চৰকাৰখনৰ কাম–কাজৰ দ্বাৰা এইটোও প্রতিফলিত হৈছে যে চৰকাৰখন ঘাইকৈ মুখ্যমন্ত্রীৰ দক্ষতাৰ ওপৰত নির্ভৰশীল৷ চৰকাৰখনে গ্রহণ কৰা জনসাধাৰণৰ কল্যাণমূলক অনেক আঁচনিয়ে অসমৰ চৰকাৰী প্রশাসনীয় ব্যৱস্থাত অনেক পৰিৱর্তন সংঘটিত কৰাৰ ইংগিত বহন কৰিছে৷ এনে কার্যব্যৱস্থাই অশ্বমেধ যজ্ঞৰ ঘোঁৰাৰ দৌৰৰ লেখীয়া গতিশীল অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা অসমৰ অতিকৈ জনপ্রিয় মুখ্যমন্ত্রী হিচাপে ৰাইজৰ দ্বাৰা স্বীকৃতি হোৱাৰ দিশে অগ্রসৰ হৈছে৷ প্রচলিত গতানুগতিক ধ্যান–ধাৰণা, বিচাৰ–বিবেচনা, স্থিতাৱস্থাৰ বিপৰীতে গৈ ৰাজ্যখনৰ উন্নয়নৰ ক্ষেত্রত এক বৈপ্লৱিক পৰিৱর্তন আনিবলৈ হ’লে ড০ হিমন্ত বিশ্ব শর্মাৰ দৰে চিন্তাশীল, সংবেদনশীল, সাহসী, উদ্যমী আৰু প্রগতিশীল মুখ্যমন্ত্রীৰ প্রয়োজন সেয়া ৰাইজে প্রতিপন্ন কৰিছে৷ বিধানসভাৰ পাঁচোটাকৈ সমষ্টিৰ উপ–নির্বাচন, পৌৰসভাৰ নির্বাচন, গুৱাহাটী পৌৰ নিগমৰ নির্বাচনৰ ফলাফলত সেই কথাই প্রতিফলিত হৈছে৷ কেইবছৰমান পূর্বে ড০ হিমন্ত বিশ্ব শর্মা ৰচিত গ্রন্থ এখনৰ পাতনিত যশস্বী সাহিত্যিক, কথাশিল্পী প্রয়াত হোমেন বৰগোহাঞিয়ে ড০ শর্মাক Thinking Politician’ বুলি অভিহিত কৰিছিল৷ স্বীকাৰ কৰিবই লাগিব ড০ শর্মাৰ উদ্দেশ্যই হ’ল নৱ নৱ চিন্তা, ধাৰণা আৰু কামেৰে নতুন অসমৰ বুনিয়াদ গঢ় দিয়া৷ আমি ভাবোঁ প্রতিটো কাম হাতত লোৱাৰ আগতেই তেখেতে নিশ্চয়‘SWOC analysis’ কৰে৷S-strength, W-Weakness O-Opportunity, C-Consequence জানি লৈহে কামত আগবঢ়া বাবে প্রতিটো কামতে সফলতা লাভ কৰে৷ তেখেতৰ আটাইতকৈ ইতিবাচক দিশটো হ’ল প্রচণ্ড ইচ্ছাশক্তিWill Power ৰ অধিকাৰী৷ এই ইচ্ছাশক্তিয়ে ইপ্সিত লক্ষ্যত উপনীত হ’বলৈ তেখেতক কঠোৰ পৰিশ্রমী কৰি গঢ়ি তুলিছে৷ তেখেতে কাম কৰি আনন্দহে উপভোগ কৰে৷ যিটো বোজা আনন্দ মনেৰে কঢ়িয়াই নিয়া হয়, সেই বোজাটোৰ ওজন নিজে নিজে বহুখিনি হ্রাস পায়৷ তেখেতে ৰাজ্যখনক লৈ সপোন দেখে, যি সপোনে তেখেতক শুবলৈ নিদিয়ে সপোন দিঠকত পৰিণত নোহোৱা পর্যন্ত৷ এনে গুণসমূহে ড০ শর্মাক এগৰাকী মুখ্যমন্ত্রী বা ৰাজনৈতিক নেতা নহয়, এটা অনুষ্ঠানতহে পৰিণত কৰিছে৷ ড০ হিমন্ত বিশ্ব শর্মাৰ যুক্তিপূর্ণ আৰু মোহাচ্ছন্ন কৰিব পৰা কথা, কথা আৰু কামৰ মাজত মিল থকা কাম–কাজে বর্তমানৰ চৰকাৰখনৰ প্রতি গৰিষ্ঠসংখ্যক ৰাইজৰ আস্থা বাঢ়িছে৷ স্কুলীয়া জীৱনত ব্রহ্মপুত্রৰ উত্তৰ–দক্ষিণ পাৰৰ উপনৈসমূহ, ৰে’লৰ ষ্টেচনবোৰৰ নাম মুখস্থ কৰিছিলোঁ৷ বর্তমানৰ চৰকাৰখনে প্রতিটো বিভাগতে ইমানবোৰ আঁচনি গ্রহণ কৰিছে মনত ৰখাটো জটিল৷ শিক্ষানুষ্ঠানত ধর্মীয় শিক্ষা ব্যৱস্থাৰ অৱসান ঘটাই ধর্মনিৰপেক্ষ শিক্ষা প্রৱর্তন কৰি মানৱ সম্পদ গঢ় দিয়াৰ ব্যৱস্থা চুবুৰীয়া ৰাজ্যৰ সৈতে যুগ যুগ ধৰি চলি থকা সীমা বিবাদ নিষ্পত্তিৰ বাবে পদক্ষেপ লোৱা ৰাইজ আৰু মন্ত্রী বিধায়কৰ মাজত থকা অদৃশ্য প্রাচীৰ নাইকিয়া কৰি প্রত্যক্ষ সম্পর্ক ৰখা, গৰুকে ধৰি অন্যান্য চোৰাং বেহা ৰোধ কৰা, বিভিন্ন বিভাগত প্রচলিত দালালৰাজ বন্ধ কৰা, ড্রাগছমুক্ত সমাজ গঢ়া, দুর্নীতিমুক্ত অসম গঢ়াৰ বাবে অবিৰত প্রয়াস, খিলঞ্জীয়া প্রতিটো জনগোষ্ঠীৰ নেতৃস্থানীয় ব্যক্তিৰ লগত বার্তালাপ কৰি সমস্যা সমাধানৰ বাবে দিহা–পৰামর্শ গ্রহণ কৰা, বৃদ্ধ পেন্সন, অৰুণোদয় আঁচনিৰ ধন প্রতিমাহৰ দহ তাৰিখে পোৱাটো নিশ্চিত কৰা, ডিজিটেল মাধ্যমৰ জৰিয়তে চৰকাৰী কাম–কাজ সমাধা কৰা, ‘এম বাহন’ এপৰ জৰিয়তে ঘৰতে বহি পৰিবহণ সংক্রান্তীয় নথি–পত্র পোৱাৰ ব্যৱস্থা, ‘বসুন্ধৰা’ এপৰ জৰিয়তে ভূমি সংক্রান্তীয় সমস্যা সমাধান, ‘কৃতজ্ঞতা’ পর্টেলৰ জৰিয়তে পেন্সনৰ ব্যৱস্থা, ‘সদ্ভাৱনা প্রকল্প’ৰ জৰিয়তে পুৰণি নথি সংক্রান্তীয় সমস্যাৰ সমাধান কৰা, ‘মাতৃ–পিতৃ বন্দনা’ আঁচনিৰ জৰিয়তে চৰকাৰী কর্মচাৰীলৈ ছুটী মঞ্জুৰ কৰি পিতৃ–মাতৃ, শহুৰ–শাহু, আত্মীয় স্বজনক সাক্ষাতৰ সুযোগ দিয়া ইত্যাদি জনকল্যাণমূলক কাম–কাজে ৰাইজক চৰকাৰৰ প্রতি কৃতজ্ঞ কৰি তুলিছে৷
অৱশ্যে বর্তমানৰ চৰকাৰখনৰ সন্মুখত কিছুমান প্রত্যাহ্বানো আছে৷ সর্বসাধাৰণৰ বাবে আজি বর্ধিত মূল্য আৰু মুদ্রাস্ফীতি হৈছে সবাতোকৈ ডাঙৰ সমস্যা৷ অসমীয়া মানুহৰ জীৱন–মৰণৰ সমস্যা হৈ দেখা দিয়া অসমীয়াৰ বান সমস্যা দূৰীকৰণৰ বাবে ফলপ্রসূ ব্যৱস্থা গ্রহণ কৰাটোও চৰকাৰৰ বাবে এক বৃহৎ প্রত্যাহ্বান৷ ধ্বংসমুখী ৰাজহুৱা অনুষ্ঠান–প্রতিষ্ঠানক্ লাভজনক প্রতিষ্ঠানলৈ ৰূপায়িত কৰাৰ বাবে খৰতকীয়া ব্যৱস্থা লোৱাটো সময়ৰ আহ্বান৷ এক লাখ নিবনুৱাক চাকৰিত নিযুক্তি দিবলৈ ওলোৱা কার্য নিতান্তই প্রশংসনীয়৷ কিন্তু চৰকাৰী চাকৰি দি নিবনুৱা সমস্যা সমাধান সম্ভৱ নহয় যেন লাগে৷ সেয়েহে নিবনুৱাসকলক আত্মসংস্থাপনৰ সুযোগ দিয়াৰ উদ্দেশ্যেSkill developmentৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে গৰুখুঁটি প্রকল্পৰ দৰে অধিক প্রকল্প গ্রহণ কৰি কার্যকৰী কৰিলে নিশ্চয় নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্রত এক বলিষ্ঠ পদক্ষেপ হ’ব৷ আমি গভীৰ প্রত্যয়েৰে সেইদিনটোলৈ অপেক্ষা কৰিছোঁ, যিদিনা আমাৰ দেশৰ পাঁচখন আগশাৰীৰ উন্নত ৰাজ্যৰ ভিতৰত আমাৰ চেনেহৰ অসমখনো এখন হিচাপে অন্তর্ভুক্ত হ’ব৷ পৰিশেষত বেঞ্জালিন বার্টাৰৰ এষাৰ কথাৰে সামৰিছোঁ–
জনসাধাৰণ য’লৈকে যাব খোজে, তালৈকে তেওঁলোকক লৈ যোৱাজন হ’ল নেতা, কিন্তু মহান নেতা হ’ল সেইজন, যিজনে জনসাধাৰণ য’লৈকে যোৱা উচিত তালৈকে লৈ যাব পাৰে৷

You might also like