নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাজা ষ্ট্রীপত হামাছৰ বিৰুদ্ধে যুঁজিছে গুজৰাটী যুৱতী নীটশ্বাই

নিয়মীয়া বাৰ্তা ১৮ জুনঃ পেলেষ্টাইনৰ গাজা ষ্ট্রীপৰ পৰা বিদ্রোহী হামাছে অগ্ণিৰ বেলুন ইজৰাইল অভিমুখে প্রেৰণ কৰাৰ পিছতে ইহুদী ৰাষ্ট্রখনৰ সেনাই পুনৰ গাজাত আৰম্ভ কৰিছে ৰকেট আৰু ক্ষেপণাস্ত্রৰ আক্রমণ৷ লক্ষণীয়ভাৱে ১১ দিনীয়া ৰক্তক্ষয়ী সংঘর্ষৰ পিছত ইজিপ্ত আৰু কাটাৰৰ মধ্যস্থতাত ইজৰাইল চৰকাৰ তথা হামাছৰ মাজত যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ হৈছিল যদিও হামাছে দেশখনৰ বিৰুদ্ধে আক্রমণ আৰম্ভ কৰাৰ লগে লগে পুনৰ ইজৰাইলে গাজা ষ্ট্রীপত অভিযান তীব্রতৰ কৰিছে৷

এই অভিযানত এইবাৰ গুৰুত্বপূর্ণ দায়িত্ব লাভ কৰিছে ভাৰতৰ গুজৰাট মূলৰ নীটশ্বা মূলায়াছিয়া নামৰ ২০ বছৰীয়া যুৱতী এগৰাকীয়ে৷ ইজৰাইলী প্রতিৰক্ষা বাহিনীৰ জোৱান নীটশ্বাই কালি গাজা ষ্ট্রীপৰ ওপৰত চলোৱা আক্রমণত অংশগ্রহণ কৰে৷ আহমেদাবাদ মিৰৰ নামৰ সংবাদ পত্রখনে সদৰী কৰিছে এই তথ্য৷ ৰাজকোটৰ বাসিন্দা নীটশ্বাই ইজৰাইলৰ তেল আভিৱত স্থায়ীভাৱে বসতি স্থাপন কৰিছে৷ জীৱভভাই মুলায়াছিয়াৰ কন্যা নীটশ্বাৰ উপৰি তেওঁৰ ভগ্ণী ৰিয়াও ইজৰাইলী সেনাত কর্মৰত৷ ইতিমধ্যে লেবানন, ছিৰিয়া, জর্দান আদি সীমান্তৰ যুদ্ধত নীটশ্বাই নিজৰ দক্ষতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে৷

You might also like