নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জ্ঞানবাপী মছজিদৰ তহখানাত আৰম্ভ পূজা–আৰতি

🔹 বাৰাণসী আদালতৰ ৰায়ৰ পাছতে তৎপৰ হিন্দু ভক্ত

বিশেষ বাৰ্তা, ২ ফেব্রুৱাৰী : উত্তৰ প্রদেশৰ জ্ঞানবাপী মছজিদৰ ‘ছীল’ কৰা এটা তহখানাত হিন্দু ভক্তসকলক পূজা–অর্চনাৰ বাবে পৰহি বাৰাণসীৰ জিলা আদালতে অনুমতি প্রদান কৰিছিল৷ এসপ্তাহৰ ভিতৰতে ইয়াক কার্যকৰী কৰিবলৈ জিলা প্রশাসনক ব্যৱস্থা লোৱাৰ নির্দেশ দিছিল আদালতখনে৷ জিলা বিচাৰক অজয় কুমাৰ বিশ্বাসৰ সেই নির্দেশ পোৱাৰ পাছতে কালি বিয়লিৰ ভাগত প্রশাসনৰ উদ্যোগত আৰম্ভ হয় আৰতি আৰু পূজা পাঠ৷ এই পূজাৰ ছবি আৰু ভিডিঅ’ পোহৰলৈ আহিছে৷ সূত্রৰ খবৰ অনুসৰি আগন্তুক ৬ ফেব্রুৱাৰীত সাধাৰণ ভক্তসকলৰ বাবে খুলি দিয়া হ’ব পাৰে ভূর্গভস্থ সেই কক্ষ৷ জিলা প্রশাসনৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি, দৈনিক পাঁচবাৰকৈ আৰতি আৰু পূজা পাঠ হ’ব জ্ঞানবাপীৰ তহখানাত৷ পুৱা ৩ বজাত ‘মংগলা’, দুপৰীয়া ১২ বজাত ‘ভোগ’, বিয়লি ৪ বজাত ‘অপৰাহ্ণ’, সন্ধিয়া ৭ বজাত ‘ছায়াহ্ণকাল’ আৰু নিশা ১০ বজাত ‘শয়ন আৰতি’ চলিব জ্ঞানবাপীত৷ উল্লেখনীয় যে জ্ঞানবাপী মছজিদৰ কাষতে থকা কাশী বিশ্বনাথ মন্দিৰৰ বিখ্যাত নন্দী মূর্তিৰ মাত্র ১০ ফুট দূৰৈত আছে এই তহখানা৷ ইয়াৰ সৈতে থকা এটা ভূগর্ভস্থ কক্ষত দেৱ–দেৱীৰ মূর্তি আছে বুলি দাবী কৰি আহিছে হিন্দু পক্ষই৷ অৱশ্যে এই কক্ষত পূজা–অর্চনাৰ অনুমতি দিয়া নাই বাৰাণসী জিলা আদালতে৷ ইফালে, বাৰাণসী আদালতৰ ৰায়ক প্রত্যাহ্বান জনাই মুছলিম পক্ষই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল যদিও দেশৰ শীর্ষ আদালতখনে বাৰাণসী আদালতৰ ৰায়ত স্থগিতাদেশ দিবলৈ অস্বীকাৰ কৰিছে৷ স্মর্তব্য যে মুছলিম পক্ষই এলাহাবাদ উচ্চ ন্যায়ালয়ত আবেদন জনায়ো বাৰাণসী আদালতে ৰায়দান কৰাৰ লগে লগে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়৷ কিন্তু শীর্ষ আদালতখনে বিষয়টোত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰে৷

You might also like