নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইচ–৪ ৱর্ক পার্মিট প্রত্যাহাৰ মার্কিন ৰাষ্ট্রপতি জ’ বাইডেনৰ

এইচ–১বি ভিছাপ্রাপ্তৰ পত্নীলৈ সকাহ এই সিদ্ধান্তই সর্বাধিক লাভান্বিত কৰিব প্রবাসী ভাৰতীয়ক

নিয়মীয়া বাৰ্তা ২৮ জানুৱাৰীঃ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি জ’ বাইডেনে প্রতিশ্রুতি মতেই পূর্বৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ বিতর্কিত ইমিগ্রেচন নীতি পৰিৱর্তন ঘটালে৷ ট্রাম্প প্রশাসনে বলৱৎ কৰা এইচ–৪ ৱর্ক পার্মিট প্রত্যাহাৰ কৰিলে ৰাষ্ট্রপতি বাইডেনে৷ মার্কিন ৰাষ্ট্রপতিগৰাকীৰ এই পদক্ষেপৰ বাবে প্রবাসী ভাৰতীয়সকল লাভান্বিত হ’ব৷ এক কথাত ভাৰতীয়লৈ সকাহ দিলে ৰাষ্ট্রপতিগৰাকীয়ে৷ ট্রাম্প প্রশাসনৰ নীতি অনুসৰি এইচ–১বি ভিছাপ্রাপ্ত লোকৰ পৰিয়াল কিম্বা পত্নীয়ে আমেৰিকাত বসবাস কৰাৰ ক্ষেত্রত বিভিন্ন সমস্যাৰ সৃষ্টি কৰাটো নিশ্চিত আছিল৷ ৰাষ্ট্রপতি বাইডেনে এইচ–৪ ৱর্ক  পার্মিট প্রত্যাহাৰ কৰাৰ লগে লগে এইচ–১বি ভিছাপ্রাপ্ত বিদেশী লোকসকলৰ পৰিয়াললৈ সকাহ৷ এইক্ষেত্রত সর্বাধিক লাভান্বিত হ’ব আমেৰিকা যুক্তৰাষ্ট্রত এইচ–১বি ভিছা লৈ কর্মসূত্রে বসবাস কৰি থকা ভাৰতীয়সকল৷ ভাৰতৰ উপৰি চীনৰ প্রবাসী লোকসকলো লাভান্বিত হ’ব৷ উল্লেখ্য যে ২০১৭ চনত মার্কিন ৰাষ্ট্রপতি বাৰাক অ’বামাৰ কার্যকালত বলৱৎ থকা ইমিগ্রেচন নীতিক দায়িত্ব লৈয়ে ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে সালসলনি ঘটাইছে৷ এইচ–৪ ৱর্ক পার্মিট লৈ কর্মৰত লোকসকলক হেঁচা প্রয়োগ কৰা হৈছে৷ ট্রাম্পৰ কার্যকালত এনে হেঁচাৰ বাবে প্রবাসী ভাৰতীয়সকল সংকটত পৰে৷

You might also like