নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হার্দিক–নাটাছাৰ আনুষ্ঠানিক বিচ্ছেদ ঘোষণা

🔹 সকলো জল্পনা–কল্পনাৰ অৱসান

বিশেষ বাৰ্তা, ১৯ জুলাই : তাৰকা ক্রিকেটাৰ হার্দিক পাণ্ডিয়াৰ সৈতে বিবাহ বিচ্ছেদ ঘোষণা কৰিলে নাটাছা ষ্টানকোভিছে৷ ইনষ্টাগ্রামত পোষ্ট কৰি বিবাহ বিচ্ছেদ ঘোষণা কৰিছে তেওঁ৷ পুত্র আগাস্থাক একেলগে ডাঙৰ কৰিব তেওঁলোকে৷ উল্লেখ্য যে কিছুদিন ধৰি হার্দিক আৰু নাটাছাৰ বিবাহ বিচ্ছেদক লৈ বিভিন্ন কাহিনী শুনা গৈছিল৷ নাটাছাই সকলো উৎসুকতাৰ অন্ত পেলাই জনাই দিলে যে তেওঁলোকৰ চাৰি বছৰীয়া সম্পর্কৰ ইতি পৰিছে৷ তেওঁ ইনষ্টাগ্রামত লিখিছে– চাৰি বছৰ একেলগে থকাৰ পিছত হার্দিক আৰু মই সুকীয়াকৈ থকাৰ সিদ্ধান্ত লৈছোঁ৷ একেলগে থকাৰ সকলো ধৰণৰ চেষ্টা আমি কৰিছিলোঁ৷ কিন্তু শেষপর্যন্ত আমি একেলগে সিদ্ধান্ত লৈছোঁ বিচ্ছেদিত হোৱাৰ৷ আমাৰ বাবে এইটোৱেই সঠিক সিদ্ধান্ত৷ অৱশ্যে এই সিদ্ধান্ত লোৱা অত্যন্ত কঠিন আছিল৷ কাৰণ আমি এটা সুন্দৰ পৰিয়াল গঢ়িছিলোঁ৷ পৰস্পৰৰ সৈতে আমি বহু আনন্দৰ মুহূর্ত পাৰ কৰিছোঁ৷ উল্লেখ্য যে শ্রীলংকাৰ বিপক্ষে ঘোষণা কৰা টি–২০ দলৰ নেতৃত্বত স্থান দিয়া নহ’ল হার্দিকক৷ এনে সময়তে নাটাছাৰ পৰা অহা বিচ্ছেদৰ খবৰে তেওঁক অধিক ব্যথিত কৰি তুলিছে৷ এদিনীয়া দলতো স্থান দিয়া হোৱা নাই অলৰাউণ্ডাৰগৰাকীক৷

You might also like