নিয়মীয়া বাৰ্তা ১৩ জুনঃ দেশৰ প্রাক্তন প্রধানমন্ত্রী তথা জনতা দল (এছ)ৰ মুৰব্বী এইচ ডি দেৱেগৌড়া, কংগ্রেছ নেতা মল্লিকার্জুন খার্গে আৰু দুই বিজেপি নেতা অশোক গাষ্টি আৰু ইৰানা কাডাডি কর্ণাটকৰ পৰা ৰাজ্যসভালৈ বিনা প্রতিদ্বন্দ্বিতাৰে নির্বাচিত হৈছে৷ সংসদৰ উচ্চ সদনলৈ দেৱেগৌড়া আৰু মল্লিকার্জুন খার্গে বিনা প্রতিদ্বন্দ্বিতাৰে নির্বাচিত হোৱা বিষয়টোক বিভিন্ন মহলে আদৰণি জনাইছে৷ উল্লেখনীয় যে ৰিটার্নিং বিষয়া এম কে বিশ্বলক্ষীয়ে এক বিবৃতিত উল্লেখ কৰিছে এই কথা৷ উচ্চ সদনত জে ডি(এছ)ৰ উপেন্দ্র ৰেড্ডী, বি কে হৰিপ্রসাদ আৰু কংগ্রেছৰ ৰাজীৱ গৌড়াৰ উপৰি বিজেপিৰ প্রভাকৰ কোৰেৰ ২৫ জুনত খালী হ’বলগীয়া চাৰি আসনলৈ আজি এই চাৰিগৰাকী প্রার্থী বিনা প্রতিদ্বন্দ্বিতাৰে নির্বাচিত হৈছে৷
Prev Post