নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ দেশীয়ভাৱে বিকশিত ক’ভিড–১৯ ভেকচিন ‘ক’ভাক্সিন’ৰ তৃতীয় পর্যায়ৰ পৰীক্ষণত প্রথমটো ড’জ লোৱা হাৰিয়ানাৰ স্বাস্থ্যমন্ত্রী অনিল বিজ ক’ৰোনা পজিটিভ হৈছে৷ শনিবাৰে পুৱা টুইটযোগে ৬৭ বছৰীয়া স্বাস্থ্যমন্ত্রী বিজে এই কথা সদৰী কৰিছে৷ ক’ভিড–১৯ত আক্রান্ত হোৱা স্বাস্থ্যমন্ত্রীগৰাকীক ৰাজ্যখনৰ আম্বালাস্থিত চিভিল হাস্পতালত ভর্তি কৰোৱা হৈছে৷ সর্বদলীয় বৈঠকত কালি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশীয়ভাৱে বিকশিত নিৰাপদ, কম মূল্য আৰু ফলপ্রসূ ভেকচিন কেইসপ্তাহমানৰ ভিতৰতে দেশবাসীক প্রদান কৰা হ’ব বুলি ঘোষণা কৰাৰ কেইঘণ্টামান পাছতেই ভাৰত বায়’টেকৰ দ্বাৰা বিকশিত ক’ভাক্সিনৰ পৰীক্ষাত স্বেচ্ছাসেৱক হিচাপে প্রথম ড’জ লোৱা স্বাস্থ্যমন্ত্রী বিজ ক’ভিড–১৯ত আক্রান্ত হোৱা বিষয়টো চর্চাৰ মাজলৈ আহিছে৷
টুইটযোগে মন্ত্রীগৰাকীয়ে কালি পুৱা কয়– মই ক’ৰোনা পজিটিভ হৈছোঁ৷ আম্বালাৰ চিভিল হাস্পতালত চিকিৎসাধীন হৈছোঁ৷ মোৰ লগত অহা সকলোৱেই যেন ক’ৰোনাৰ পৰীক্ষণ কৰে৷ উল্লেখ্য যে হাৰিয়ানাৰ স্বাস্থ্যমন্ত্রীগৰাকীয়ে যোৱা ২০ নৱেম্বৰত ভাৰত বায়’টেকৰ ক’ভাক্সিনৰ তৃতীয় পর্যায়ৰ পৰীক্ষণত স্বেচ্ছাসেৱক হিচাপে অংশ লৈছিল৷ ৰাজ্যখনৰ প্রথমগৰাকী স্বেচ্ছাসেৱক হিচাপে ক’ভাক্সিনৰ পৰীক্ষণৰ প্রথমটো ড’জ প্রদান কৰা হৈছিল স্বাস্থ্যমন্ত্রীগৰাকীক৷ মন্ত্রীগৰাকীয়ে ক’ৰোনা পজিটিভ হোৱা বুলি ঘোষণা কৰাৰ পাছতেই কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে কয় যে ভেকচিনটোৰ দুটা ড’জ লোৱাৰ পাছতহে মানৱ শৰীৰত এণ্টিবডী গঢ়ি উঠে৷ কিন্তু মন্ত্রীগৰাকীয়ে মাত্র প্রথমটো ড’জহে লৈছে৷ এনে ক্ষেত্রত এতিয়াই তেওঁৰ সংক্রমণ সন্দর্ভত ক’ব নোৱাৰি৷
লগতে পঢ়কঃ যৌৱনমেলা! মুক্ত যৌনতাৰ বাবেই পুনৰ আমেৰিকাত ক’ৰোনা সংক্রমণ…
আনপিনে ক’ভাক্সিন বিকশিত কৰা ভাৰত বায়’টেকে কয় যে ক’ভাক্সিনৰ তৃতীয় পর্যায়ৰ মানৱ দেহত পৰীক্ষণ দুটা ড’জ প্রদান কৰা সময়ৰ ভিত্তিত ফলপ্রসূতা নির্ধাৰণ কৰা হয়৷ দ্বিতীয়টো ড’জ প্রদান কৰাৰ ১৪ দিনৰ পাছতহে ভেকচিনটোৰ ফলপ্রসূতা নির্ধাৰণ কৰা হয়৷ ক’ভাক্সিনৰ দুটা ড’জ প্রদান কৰাৰ আধাৰতহে ভেকচিনটোৰ ফলপ্রসূতা নির্ধাৰণ কৰা হয়৷ ইপিনে, ৰাছিয়াত বিকশিত কৰা ক’ভিড–১৯ ভেকচিন ‘স্পুটনিক–ভি’ কালিৰে পৰা দেশখনৰ সাধাৰণ নাগৰিকক প্রদান প্রক্রিয়া আৰম্ভ হৈছে৷
যোৱা আগষ্ট মাহত দেশখনৰ ১ লাখতকৈ অধিক লোকক পৰীক্ষণমূলকভাৱে এই ভেকচিনটো প্রদান কৰা হৈছিল৷ উল্লেখ্য যে ৰাছিয়াৰ ক’ভিড–১৯ ভেকচিন স্পুটনিক–ভি হৈছে বিশ্বৰ প্রথম স্বীকৃতিপ্রাপ্ত ভেকচিন৷ ফাইজাৰ–বায়’এনটেকৰ ভেকচিন গ্রেট ব্রিটেইনত অহা সপ্তাহৰ প্রাৰম্ভতে সাধাৰণ জনতাক প্রদানৰ অনুমতি দিয়াৰ কেইঘণ্টামান পাছতেই ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে দেশবাসীক স্পুটনিক–ভি প্রদান কৰিবলৈ নির্দেশ দিছিল৷ গ্রেট ব্রিটেইনৰ দৰেই অহা সপ্তাহৰ প্রাৰম্ভতে ভেকচিনটো প্রদান কৰিবলৈ নির্দেশ দিয়া হৈছিল যদিও চলিত সপ্তাহৰ সামৰণিতেই ৰাছিয়াবাসীক ভেকচিন প্রদান প্রক্রিয়া আৰম্ভ কৰিব৷
আনপিনে আমেৰিকা যুক্তৰাষ্ট্রত ক’ভিড–১৯ সংক্রমণে ভয়াৱহ ৰূপ লৈছে৷ যোৱা ৩ নৱেম্বৰৰ ৰাষ্ট্রপতি নির্বাচনৰ ভোটগণনাৰ পৰা দেশখনত দ্রুতগতিত ক’ভিড–১৯ৰ সংক্রমণ বৃদ্ধি পাইছে৷ প্রতিদিনে আক্রান্তৰ সংখ্যাই অনাকাংক্ষিত অভিলেখ গঢ়ি আছে৷ যোৱা ২৪ ঘণ্টাত দেশখনত পূর্বৰ সকলো অভিলেখ ভংগ কৰি ক’ভিড–১৯ত আক্রান্ত হৈছে ২,২৫,২০১ লোক৷ ইয়াকে লৈ দেশখনত আক্রান্তৰ সংখ্যা ১.৪৩ কোটি অতিক্রম কৰিছে৷ আনপিনে যোৱা ২৪ ঘণ্টাত ২,৫০৬জন লোকৰ প্রাণহানি ঘটাত দেশখনত মৃতকৰ সংখ্যা ২.৭৮ লাখ অতিক্রম কৰিছে৷ বিশ্বৰ সর্বাধিক আক্রান্ত আৰু মৃতকৰ তালিকাত শীর্ষস্থানত আছে আমেৰিকা৷