নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যৌৱনমেলা! মুক্ত যৌনতাৰ বাবেই পুনৰ আমেৰিকাত ক’ৰোনা সংক্রমণ…

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ যৌনতাই আনিলে বিপদ!
আমেৰিকাত নিউ অর্লিয়েন্সৰ ‘Swingers Convention'(চুইঙ্গাৰছ কনভেনশ্যন’) অনুষ্ঠানত অংশগ্রহণ কৰা ৪১ জনেই ক’ৰোনা পজিটিভ পোৱা গৈছে। নৱেম্বৰত অনুষ্ঠিত নদিনীয়া এই ‘নটি ইন ন্যলিনছ’ (যৌৱনমেলা) অনুষ্ঠানত অংশ লৈছিল প্ৰায় ২৫০ জন লোকে।

অৱশ্যে আন আন বছৰত এই যৌৱনমেলাত অংশ লয় প্রায় হাজাৰ হাজাৰ মানুহে। কিন্তু ক’ভিড-১৯ ৰ সংক্ৰমণৰ বাবে এই বছৰ এই যৌৱনমেলাত অংশগ্ৰহণকাৰী লোকৰ সংখ্যা হ্ৰাস পাইছে। কিন্তু কম সংখ্যক মানুহে অংশ ল’লেও তাৰ পৰায়ে ক’ভিডৰ সংক্ৰমণ ঘটে।

লগতে পঢ়কঃ ঢাকা চলচ্চিত্র মহোৎসৱলৈ ‘বেলকনিত ভগৱান’

বিশ্বজুৰি ক’ভিডৰ সংহাৰৰ বাবে বহু অনুষ্ঠানৰ লগতে মুকলি সমাগম বিগত বহু মাহ ধৰি বন্ধ ৰখা হৈছিল। কিন্তু ইমানৰ পাছতো এই যৌৱনমেলা ‘Swingers Convention’ কিয় বন্ধ ৰখা নহ’ল তাক লৈও এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখ্য যে আমেৰিকাক পুনৰ ক’ভিড সংক্রমণ তথা হাস্পতালত নতুনকৈ চিকিৎসাধীন লোকৰ সংখ্যাই অভিলেখ গঢ়িছে৷ শেহতীয়াকৈ হাস্পতালত চিকিৎসাধীন লোকৰ সংখ্যাই এক লাখ অতিক্রম কৰিছে৷ বৰদিনৰ পূর্বে দেশখনত ক’ভিড আক্রান্ত লোকৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাব বুলি ইতিমধ্যে বিশেষজ্ঞ চিকিৎসকসকলে ঘোষণা কৰিছে৷

(নিউজৰ উৎসঃ theguardian)

You might also like