নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশাল সমাৱেশত উদাত্ত ভাষণ ‘২০২৩ত পতন হ’ব কেচিআৰ চৰকাৰৰ’

তেলেংগানাত উষ্ম আদৰণি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক

নিয়মীয়া বাৰ্তা ১০ জানুৱাৰীঃ  অহা ২০২৩ চনত তেলেংগানাত কে চি আৰ চৰকাৰৰ পতন হ’ব আৰু বিজেপিয়ে চৰকাৰ গঠন কৰিব৷ দেওবাৰে তেলেংগানাৰ ৱাৰংগনত এক বিশাল জনসমাৱেশত অংশগ্রহণ কৰি অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই মন্তব্য কৰে৷ সমাৱেশখনত উদাত্ত ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কে চি আৰ চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে  তেলেংগানাৰ ৰাজ্যিক জি ডি পি ৯ লাখ কোটি টকা৷ অসমৰ জি ডি পি ৩.৫ লাখ কোটি টকা৷ অর্থনৈতিকভাৱে অসমতকৈ তেলেংগানা অধিক শক্তিশালী৷ কিন্তু অসমে তেলেংগানাতকৈ বহুত কাম কৰিছে৷ যোৱা নির্বাচনৰ সময়ত অসমত বিজেপিয়ে চৰকাৰ গঠন কৰিলে এক লাখ নিবনুৱাক চাকৰি দিয়াৰ প্রতিশ্রুতি দিছিল৷ কে চি আৰে যোৱা নির্বাচনৰ সময়ত ৰাজ্যখনত ২ লাখ নিবনুৱাক চাকৰি দিব বুলি কৈছিল৷ কিন্তু চৰকাৰ গঠনৰ পাছত কে চি আৰে সেই প্রতিশ্রুতি পাহৰিলে৷ কিন্তু অসমে অহা ১০ মে’ৰ ভিতৰত এক লাখ নিবনুৱাক গণি গণি চাকৰি দিব৷ তেলেংগানাত চৰকাৰী চাকৰিৰ পদ খালী আছে৷ কিন্তু চৰকাৰে সেই খালী পদ পূৰণ নকৰে৷ কে চি আৰ চৰকাৰ ৯–১০ লাখ কোটি টকাৰ ওপৰত বহি আছে৷ তথাপি নিবনুৱাৰ বিষয়ে চিন্তা নকৰে৷ তেওঁ কেৱল নিজৰ সন্তানৰ বাবেহে চিন্তা কৰে৷ কে চি আৰ দেশৰ বাবে, ৰাইজৰ বাবে সমর্পিত নহয়৷ তেওঁ কেৱল নিজৰ সন্তানৰ বাবেহে সমর্পিত৷ তেলেংগানাত তিনি লাখ চৰকাৰী কর্মচাৰী আছে৷

চৰকাৰী কর্মচাৰীসকল চৰকাৰৰ ওপৰত নাৰাজ৷ বর্তমানৰ তেলেংগানা চৰকাৰে নিবনুৱা, চৰকাৰী কর্মচাৰী কাকো ন্যায় দিব পৰা নাই৷ কে চি আৰে তেলেংগানাত চৰকাৰ চলাইছে নে ফার্ম হাউছ চলাইছে, তাৰ ওপৰত সন্দেহ ব্যক্ত কৰি ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে যি চি পি আই (এম), চি পি আই দলে তেলেংগানা ৰাজ্য গঠনৰ বিৰোধিতা কৰিছিল, এতিয়া কে চি আৰে তেওঁলোকক খানা খাবৰ বাবে মাতে৷ এটা ডুবন্ত সূৰুযৰ লগত আন এটা ডুবন্ত সূৰুয মিলি গৈছে৷ ভাষণত ড০ শর্মাই প্রধানমন্ত্রী নৰেন্দ্র মোদী দেশৰ বাবে, জনতাৰ বাবে সমর্পিত বুলি উল্লেখ কৰি অহাবাৰ তেলেংগানাত বিজেপিয়ে চৰকাৰ গঠন কৰিব আৰু বিজেপিৰ মুখ্যমন্ত্রী হ’ব বুলি স্পষ্ট কৰি দি আটাইকে একত্রিত হৈ থকাৰ আহ্বন জনায়৷ বিজেপি চৰকাৰ গঠনৰ পাছতেই তেলেংগানাৰ নিবনুৱা, চৰকাৰী কর্মচাৰী সকলোকে ন্যায় দিয়াৰ লগতে ৰাজ্যখনক দেশৰ ভিতৰতে আগশাৰীৰ ৰাজ্যলৈ পর্যবসিত কৰিব বুলি উল্লেখ কৰে৷ ভাষণ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশক নতুন পথেৰে আগুৱাই নিছে বুলি উল্লেখ কৰি কয় যে দেশখন কোনো নির্দিষ্ট পৰিয়ালৰ বাবে নহয়৷ নতুন ভাৰতত ঔৰংগজেব, বাবৰ, ওৱেচিৰ স্থান নাথাকিব৷ দেশত যেনেকৈ সংবিধানৰ ৩৭০ শেষ হ’ল, ৰাম মন্দিৰ নির্মাণ আৰম্ভ হ’ল, সেইদৰে শেষ হ’ব ঔৰংগজেব–বাবৰ–ওৱ্ স্থান৷ নিজামৰ বুৰঞ্জী কোনেও নপঢ়ে৷ বুৰঞ্জী পঢ়িলে চর্দাৰ বল্লভভাই পেটেল, কামৰাও ভীম, ৰাণী ৰুদ্রাশ্রী দেৱী আদিৰ বুৰঞ্জী পঢ়িব৷ বিশাল জনসমাৱেশখনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে তেলেংগানাত যিদৰে ভদ্রকালী মা আছে, অসমত সেইদৰে মা কামাখ্যা আছে৷ তেওঁলোকৰ আশীর্বাদৰ বাবেই অন্যায়ৰ বিৰুদ্ধে যুঁজি যাওঁ৷ উল্লেখ্য যে মুখ্যমন্ত্রী ড০ শর্মা আজি তেলেংগানাত উপস্থিত হোৱাৰ লগে লগে ৰাজ্যখনৰ বিজেপি নেতৃত্বই তেওঁক উষ্ম আদৰণি জনায়৷

You might also like