নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলগাছিয়াৰ কৰাৰকুৰত অবৈধ জালনোটসহ এজনক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা,৯ জানুৱাৰী:- বৰপেটা জিলাৰ জনিয়া সমষ্ঠিৰ অন্তৰ্গত কৰাৰকুৰ ৰাজ্যিক ঘাইপথৰ বেঁকী দলংৰ ওচৰত এজন যুৱকৰ পৰা জালনোট উদ্ধাৰ কৰা ঘটনাই অঞ্চলব্যাপী এক চাঞ্চলৰ সৃষ্টি হৈছে। ৰাজ্যত এতিয়াও অৱ্যাহত আছে জাঁলনোটৰ অবৈধ ৰমৰমীয়া ব্যৱসায়। জানিব পৰা মতে আজি সন্দিয়া কলগাছিয়া আৰক্ষী থানাৰ এছ আই হেমকান্ত শৰ্মাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ সজাতি দলে কৰাৰকুৰ বিকল্প ৰাজ্যিক ঘাইপথৰ পৰা ইন্তাজ আলী নামৰ যুৱক এজনক ২ লাখ ৭৬ হাজাৰ টকাৰ জাঁলনোট সহ আ্টক কৰে। আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত আটক কৰে জাঁলনোটৰ অবৈধ ব্যৱসায় কৰা যুৱক জনক। জানিব পৰা মতে আটকাধীন যুৱকজন ইন্তাজ আলীৰ ঘৰ বৰপেটা সদৰ থানাৰ অন্তৰ্গত কুমল্লীপাৰাত বুলি জানিব পৰা গৈছে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে আটকাধীন যুৱক জনক সোধপোছ চলাই আছে।

You might also like