নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাক অধিকৃত কাশ্মীৰৰ পৰা আহিল পৱিত্র পানী

🔹 ৰামলালালৈ বিশেষ উপহাৰ তনভীৰৰ

বিশেষ বাৰ্তা, ২২ জানুৱাৰী : ৰাম মন্দিৰ উদ্বোধন, ৰামলালাৰ প্রাণ প্রতিষ্ঠা আদিক লৈ দেশজুৰি উৎসৱমুখৰ পৰিৱেশ চলি আছে৷ আনকি বিদেশৰ পৰাও বিভিন্ন উপহাৰ আহিছে ৰামলালাৰ বাবে৷ সেই তালিকাত এইবাৰ উঠিল পাক অধিকৃত কাশ্মীৰ (পিঅ’কে)ৰ নাম৷ পাক অধিকৃত কাশ্মীৰৰ সাৰদাপীঠ কুণ্ডৰ পৰা পানী প্রেৰণ কৰা হৈছে ৰাম মন্দিৰলৈ৷ ব্রিটেইন ঘূৰি ভাৰতলৈ আহিছে সেই বিশেষ পৱিত্র জল৷ তনভীৰ আহমেদ নামৰ এগৰাকী ব্যক্তিৰ উদ্যোগত ভাৰতলৈ পঠিওৱা হৈছে এই বিশেষ উপহাৰ৷ জানিব পৰা গৈছে যে তনভীৰে নিজেই সাৰদাপীঠৰ পৱিত্র পানী সংগ্রহ কৰিছে৷ এই পানী তনভীৰে ব্রিটেইনলৈ প্রেৰণ কৰে৷ তনভীৰৰ কন্যা মাঘৰিবি ব্রিটেইনৰ বাসিন্দা৷ মাঘৰিবিয়ে এই পৱিত্র পানী ব্রিটেইনৰ পৰা অযোধ্যালৈ প্রেৰণ কৰে৷ পৰহি সেই পানী গ্রহণ কৰে অযোধ্যাৰ বিশ্ব হিন্দু পৰিষদৰ নেতাসকলে৷ উল্লেখনীয় যে ভাৰত আৰু পাকিস্তানৰ মাজত ডাক যোগাযোগ দীর্ঘদিন ধৰি বন্ধ হৈ আছে৷ ২০১৯ চনত পুলৱামা আক্রমণৰ পাছত বন্ধ হৈ পৰে দুয়োখন দেশৰ সম্পর্ক৷ পাক অধিকৃত কাশ্মীৰৰ মুজাফফৰাবাদৰ পৰা ১৬০ কিলোমিটাৰ দূৰত আছে সাৰদা পীঠকুণ্ড৷

You might also like