হোম আইছ’লেচন ১০ দিনৰ পৰা ৭ দিনলৈ হ্রাস
নিয়মীয়া বাৰ্তা ৬ জানুৱাৰীঃ ইংৰাজী নৱবর্ষৰ প্রাৰম্ভৰে পৰা ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা বৃদ্ধিৰ হাৰে দেশলৈ অশনি সংকেত কঢ়িয়াই আনিছে৷ কার্যতঃ দেশত ক’ভিড–১৯ৰ তৃতীয় জোৱাৰ আৰম্ভ হোৱাৰ স্পষ্ট ইংগিত দিছে৷ অমিক্রনসহ ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাই থকাৰ পৰিপ্রেক্ষিতত কেন্দ্রীয় চৰকাৰে হোম আইছ’লেচনৰ সংশোধিত নির্দেশনা জাৰি কৰিছে৷ নতুন নির্দেশনা অনুসৰি ১০ দিনৰ পৰিৱর্তে ৭ দিন হোম আইছ’লেচনত থাকিব লাগিব আৰু এই সময়ছোৱাত পুনৰ পৰীক্ষণৰ প্রয়োজন নাই৷ ৭ দিনৰ নির্ধাৰিত সময় উকলি যোৱাৰ পাছত তিনি দিন ধৰি কোনো জ্বৰ নাথাকিলে তেওঁ হোম আইছ’লেচনৰ পৰা মুক্ত হ’ব পাৰিব৷ লক্ষণীয় যে অমিক্রন আৰু ক’ৰোনাত আক্রান্তৰ সংখ্যা এদিনত ১০ হাজাৰ অতিক্রম কৰাৰ লগতে পজিটিভিটীৰ হাৰ ১০ শতাংশ হৈছে ৰাজধানী দিল্লীত৷ দিল্লীৰ স্বাস্থ্যমন্ত্রী সত্যেন্দৰ জৈনে প্রকাশ কৰা মতে, পজিটিভিটীৰ হাৰ ১০ শতাংশলৈ বৃদ্ধি হৈছে আৰু দিল্লীত ক’ভিড–১৯ৰ তৃতীয় জোৱাৰ চলিছে৷ দেশত অমিক্রনত আক্রান্তৰ সংখ্যা ভয়াৱহ হাৰত বৃদ্ধি পাই থকাৰ তথ্য অনুসৰি জানুৱাৰীৰ শেষত নতুবা ফেব্রুৱাৰীৰ প্রাৰম্ভতে অমিক্রনত আক্রান্তই শীর্ষত উঠিব বুলি মন্তব্য প্রকাশ কৰিছে ইনষ্টিটিউট ফৰ হেল্থ মেট্রিক্ছ এণ্ড ইভালুৱেচনৰ সঞ্চালক ড০ খ্রীষ্ট’ফাৰ মুৰে৷ বিশেষজ্ঞ ড০ মুৰে প্রকাশ কৰা মতে, মাত্র দুমাহৰ ভিতৰতে বিশ্বত ৩০০ কোটি লোক অমিক্রনত আক্রান্ত হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ ভাৰততো ডেল্টা প্রকৰণতকৈ অর্থাৎ ক’ভিডৰ দ্বিতীয় জোৱাৰতকৈ অধিক লোক অমিক্রনত আক্রান্ত হ’ব৷ দেশত দ্রুতগতিত ক’ভিডৰ সংক্রমণ বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত নির্বাচন অনুষ্ঠিত হ’বলগীয়া উত্তৰ প্রদেশত কংগ্রেছে সকলো জনসমাগম হ’বলগীয়া অনুষ্ঠান বাতিল কৰিছে৷ উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে ক’ভিড সংক্রমণৰ প্রতি লক্ষ্য ৰাখি তেওঁৰ ৰাজহুৱা কার্যসূচী আজি বাতিল কৰিছে৷ আনপিনে ৰাজ্যখনৰ বিদ্যালয়সমূহৰ দশম শ্রেণীলৈ পাঠদান ১৫ জানুৱাৰীলৈকে বাতিল কৰিছে৷ অর্থাৎ ১৫ জানুৱাৰীলৈ বিদ্যালয়সমূহ বন্ধ থাকিব৷
ৰাজস্থানৰ উদয়পুৰত অমিক্রনত দেশৰ প্রথমজন ৰোগীৰ মৃত্যু
বিশ্বত্রাস ক’ভিড–১৯ৰ নতুন প্রকৰণ অমিক্রনত আক্রান্ত হৈ দেশত প্রথমজন ৰোগীৰ মৃত্যু ঘটিছে৷ ৰাজস্থানৰ উদয়পুৰৰ লক্ষ্মীনাৰায়ণ নগৰৰ ৭৩ বছৰীয়া এজন লোকৰ অমিক্রনত আক্রান্ত হৈ মৃত্যু ঘটা বুলি কেন্দ্রীয় চৰকাৰে প্রকাশ কৰিছে৷ তথ্য মতে ভাৰতত প্রথমজন ৰোগীৰ মৃত্যু ঘটাক লৈ বিশ্বত তিনিজন ৰোগীৰ মৃত্যু ঘটিছে৷