🔹 বিশেষভাৱে সক্ষম শিশুক সহায়ৰ বাবে ৰাহুল–আথিয়াৰ পদক্ষেপ
নিউজ ডেস্ক, ২৫ আগষ্ট : বিশেষভাৱে সক্ষম শিশুসকলক আর্থিক সাহায্য প্রদানৰ উদ্দেশ্যে টীম ইণ্ডিয়াৰ তাৰকা বেটাৰ লোকেশ ৰাহুল আৰু তেওঁৰ পত্নী আথিয়া শেট্টীয়ে আয়োজন কৰিছিল এক নিলাম৷ উক্ত নিলামত ভাৰতীয় ক্রিকেটাৰৰ বেট, গ্ল’ভছ, জার্ছী নিলাম কৰা হয়৷ নিলামৰ পৰা ১ কোটি ৯৩ লাখ টকা উপার্জন কৰা হৈছে৷ সেই ধন বঞ্চিত আৰু বিশেষভাৱে সক্ষম শিশুৰ বাবে কাম কৰা সংস্থাসমূহৰ হাতত গতাই দিয়া হ’ব৷ নিলামত সর্বাধিক মূল্য লাভ কৰিছে বিৰাট কোহলিৰ অটোগ্রাফযুক্ত জার্ছীয়ে৷ ৪০ লাখ টকাত বিক্রী হয় জার্ছী৷ বিৰাটৰ অটোগ্রাফযুক্ত গ্ল’ভছৰ দাম ২৮ লাখ টকা৷ নিলামত ৰোহিত শর্মাৰ অটোগ্রাফযুক্ত বেট আৰু গ্ল’ভছো বিক্রী হয়৷ বেটৰ মূল্য ২৪ লাখ টকা৷ ৭.৫ লাখ টকাত বিক্রী হৈছিল গ্ল’ভছ৷ নিলামত বিক্রী হৈছে মহেন্দ্র সিং ধোনীৰ অটোগ্রাফযুক্ত বেট আৰু গ্ল’ভছ৷ নিলামত ধোনীৰ বেট বিক্রী হয় ১৩ লাখ টকাত৷ তেওঁৰ গ্ল’ভছ বিক্রী হৈছিল ৩.৫ লাখ টকাত৷ ভাৰতৰ প্রাক্তন প্রশিক্ষক ৰাহুল দ্রাবিড় স্বাক্ষৰিত ক্রিকেট বেট এখন নিলামত বিক্রী হৈছে ১১ লাখ টকাত৷ ৰাহুলে নিজৰ অটোগ্রাফযুক্ত বেটো নিলাম কৰিলে৷ সেই বেটখন ৭ লাখ টকাত বিক্রী হয়৷ তেওঁৰ স্বাক্ষৰিত জার্ছী ৩ লাখ ৮০ হাজাৰ টকা আৰু কেপ ৩ লাখ ২০ হাজাৰ টকাত বিক্রী কৰা হয়৷ এই নিলামত যশপ্রীত বুমৰাহৰ অটোগ্রাফযুক্ত জার্ছী ৮ লাখ টকাত বিক্রী হয়৷