মঙল গ্রহত সন্ধান লাভ মানৱ আৱর্জনাৰ
নিয়মীয়া বাৰ্তা, ১৯জুনঃ আমেৰিকা যুক্তৰাষ্ট্রৰ মহাকাশ সংস্থা নাছাৰ মঙল অভিযানে অতি গুৰুত্বপূর্ণ পর্যায়ত প্রৱেশ কৰিছে৷ মঙলত অৱতৰণ কৰা নাছাৰ পার্ছেভাৰেন্স ৰ’ভাৰে ৰঙা গ্রহটোত জীৱৰ অস্তিত্বৰ সন্ধান চলাই কেইবাটিও গুৰুত্বপূর্ণ স্তৰৰ তথ্য সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ গ্রহটোৰ জেঝেৰো ক্রেটাৰত শুকান নদীৰ সন্ধান কৰিবলৈ সম্পূর্ণ সাজু হৈ উঠা পার্ছেভাৰেন্স ৰ’ভাৰে ইতিমধ্যে ৰঙা গ্রহটোত মানুহৰ বসতিস্থলৰ লেখীয়া শিলৰ দুৱাৰৰ সন্ধান লাভ কৰিছে৷
শেহতীয়াভাৱে নাছাই প্রকাশ কৰা মতে, ৰঙা গ্রহটোৰ পৃষ্ঠভূমিত নাছাই মানৱ আৱর্জনাৰ সন্ধান পাইছে৷ ৰ’ভাৰে গ্রহটোৰ পৃষ্ঠভূমিত অভিযান চলাই মানৱ আৱর্জনা লাভ কৰাৰ চাঞ্চল্যকৰ তথ্য প্রেৰণ কৰিছে৷ নাছাৰ অভিযন্তাই টুইটযোগে প্রকাশ কৰিছে যে পার্ছেভাৰেন্স ৰ’ভাৰে গ্রহটোত অবাঞ্ছনীয় কিছু সাক্ষ্য লাভ কৰিছে৷ এই লাভ কৰা সাক্ষ্যখিনি হৈছে এটুকুৰা থার্মেল ব্লেংকেটৰ নিচিনা৷ যিখিনিক মানৱ আৱর্জনা বুলি ধাৰণা কৰা হৈছে৷ নাছাৰ পার্ছেভাৰেন্স ৰ’ভাৰ অৱতৰণ কৰা স্থানৰ পৰা প্রায় ২ কিলোমিটাৰ নিলগত এই মানৱ আৱর্জনাৰ সন্ধান লাভ কৰিছে৷
উল্লেখ্য যে ২০২১ চনৰ ফেব্রুৱাৰীত নাছাৰ পার্ছেভাৰেন্স ৰ’ভাৰ মঙল গ্রহত অৱতৰণ কৰিছিল৷ ইয়াৰ পিছৰে পৰা ৰ’ভাৰে মঙল গ্রহটোক লৈ নতুন নতুন তথ্য লাভ কৰিবলৈ সক্ষম হৈছে৷