নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৃত হৈও অমৰ পত্নী! কিন্তু কেনেকৈ ঃমৃত পত্নীৰ সৈতে ১৬ বছৰ ধৰি বসবাস স্বামীৰ

নিয়মীয়া বাৰ্তা ১৩ ডিচেম্বৰঃ  আজৱ কিন্তু সঁচা। ২০০৩ চনতেই মৃত্যু হোৱা পত্নীৰ সৈতে একেলগে বসবাস কৰিছে তেওঁৰ স্বামীয়ে। পত্নীৰ প্ৰতি থকা অগাধ ভালপোৱাৰ পৰিচয় এয়া। এজন স্বামীয়ে পত্নীক কিমান ভাল পালে এনে কৰিব পাৰে।
এই ঘটনা সংঘটিত হৈছে ভিয়েটনামৰ কেয়াং প্ৰদেশত।
 ভ্যান নামৰ লোকজনৰ পত্নী ২০০৩ চনতেই মৃত্যু হৈছিল। পত্নীৰ স্বাভাৱিক মৃত্যুত তেওঁ শোকত কাতৰ হৈ মানসিকভাবে বিকাৰগ্ৰস্ত হৈ পৰে ।
স্বাভাৱিক মৃত্যুক তেওঁ ঈশ্বৰৰ হত্যা বুলি মানি লয়। পত্নীৰ শেষকৃত্যৰ পিছত সকলোৱে ঘৰা-ঘৰি হয়
 কিন্তু লে ভ্যান ঘৰলৈ উভতি নগৈ কবৰস্থানৰ মাজত লুকাই থাকিল।
সুযোগ পালে কবৰৰ ভিতৰলৈ প্ৰৱেশ কৰি সদ্য মৃত পত্নীৰ লগত সময় অতিবাহিত কৰিবলৈ ধৰিলে । এনেকৈ পাৰ হৈ গল এবছৰ। সকলো সময়তে কৱৰস্থানত থাকিবলৈ অসুবিধা হোৱা ভ্যানে
 ২০০৪ চনত ঘৰৰ পৰা কবৰস্থানলৈকে এটা সুৰংগ তৈয়াৰ কৰিবলৈ পৰিকল্পনা কৰিলে। কিন্তু তেওঁৰ সন্তানে কথাটো জানিব পৰাত সেয়া বাতিল কৰিলে।
তথাপিও নিজৰ মৃত পত্নীৰ কষ্টৰ কথা ভাবি ২০০৬ চনত কবৰৰ পৰা দেহাৱশেষ আনি হাড়বোৰৰে এটি পুতলা তৈয়াৰ কৰিলে । পুতুলাটোক পত্নীৰ কাপোৰ পৰিধান কৰাই বিছনাত শুৱাই থলে। এনেকৈয়ে পত্নীৰ সৈতে লে ভ্যানৰ জীৱন অতিবাহিত হৈ থাকিল ।
এনেকৈয়ে ১৬ বছৰ অতিবাহিত হ’ল। তেওঁৰ এটি সন্তান আছে আৰু সিও পুতলাটোক মাতৃ জ্ঞান কৰে। শেষতীয়াকৈ এই ঘটনাটো পোহৰলৈ আনিছে সকলোৱে তেওঁক মৃতদেহ কবৰত থ’বলৈ অনুৰোধ কৰিলে কিন্তু
লে ভ্যানে তেওঁৰ পত্নীৰ মৃতদেহ কবৰত থ’বলৈ মান্তি নহ’ল । তেওঁ আজিও পত্নীক বহুত ভাল পায়, চিৰদিনলৈ পাই থাকিব ।
উৎস: Vietnam Daily
You might also like