নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৃথিৱীৰ সবাতোকৈ ভাগ্যৱান ব্যক্তি মই

🔹 ৰামলালাৰ ভাস্কর্য শিল্পী অৰুণ যোগীৰাজৰ মন্তব্য

বিশেষ বাৰ্তা, ২৩ জানুৱাৰী : ৫৫০ বছৰৰ মূৰত অযোধ্যাৰ ৰাম মন্দিৰত প্রতিষ্ঠা কৰা ৰামলালাৰ মূর্তি নির্মাণ কৰা ভাস্কর্যশিল্পী অৰুণ যোগীৰাজে কালি এক তাৎপর্যপূর্ণ মন্তব্য কৰিছে৷ কর্ণাটকৰ ভাস্কর্যশিল্পী অৰুণ যোগীৰাজে অযোধ্যাৰ ৰাম মন্দিৰত তেওঁৰ দ্বাৰা নির্মিত ৫১ ইঞ্চিৰ বালক ৰামৰ মূর্তিত আনুষ্ঠানিকভাৱে প্রাণ প্রতিষ্ঠা কৰাৰ পিছত সাংবাদিকৰ সৈতে হোৱা কথোপকথনত কয়– মই অনুভৱ কৰোঁ, এই মুহূর্তত মই পৃথিৱীৰ সবাতোকৈ ভাগ্যৱান ব্যক্তি৷ ভগৱান ৰাম মোৰ পূর্বপুৰুষ আৰু পৰিয়ালৰ সদস্যৰ সদায়েই আশীর্বাদ মোৰ সৈতে আছে৷ কেতিয়াবা মই ভাবোঁ, সপোনৰ পৃথিৱীত বাস কৰি আছোঁ৷ উল্লেখ্য যে দেশৰ বিভিন্ন প্রান্তৰ ভাস্কর্য শিল্পীয়ে নির্মাণ কৰা ৰামলালাৰ মূর্তিৰ পৰা কর্ণাটকৰ ভাস্কর্য শিল্পী অৰুণ যোগীৰাজৰ মূর্তিটো প্রাণ প্রতিষ্ঠাৰ বাবে নির্বাচন কৰা হৈছে৷ কালি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে মূর্তিটোৰ প্রাণ প্রতিষ্ঠাৰ পূর্বে তেওঁৰ সৈতে ক্ষণিক বার্তালাপ কৰে৷ এই বার্তালাপে তেওঁক অতি আনন্দিত কৰি তুলিছে বুলিও কয় যোগীৰাজে৷

You might also like