🔹 প্রথমবাৰৰ বাবে প’ডকাষ্টত প্রধানমন্ত্রী
🔹 ‘আকাংক্ষাৰে নহয়, অভিযান লৈ ৰাজনীতিলৈ আহিছিলোঁ’
নিউজ ডেস্ক, ১১ জানুৱাৰী : প’ডকাষ্টত আত্মপ্রকাশ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ প্রথমবাৰৰ বাবে প’ডকাষ্টত অংশ লৈ জেৰোধাৰ মুৰব্বী নিখিল কামাথৰ সৈতে দুঘণ্টা কথোপকথন কৰে প্রধানমন্ত্রী মোদীয়ে৷ প’ডকাষ্টত আত্মপ্রকাশ কৰি প্রধানমন্ত্রী মোদীয়ে তেওঁৰ শৈশৱৰ পৰা ৰাজনৈতিক সফলতাৰ সমান্তৰালকৈ দেশৰ ৰাজনৈতিক স্থিতিক লৈ ব্যাখ্যা আগবঢ়ায়৷ জেৰোধাৰ মুৰব্বী কামাথাৰ সৈতে হোৱা কথোপকথনত প্রধানমন্ত্রী মোদীয়ে ৰাজনীতিত সফলতাৰ মন্ত্রৰ বিষয়েও মন্তব্য কৰে৷ ৰাজনীতিকৰ সফলতাৰ ৰূপৰেখা দাঙি ধৰি প্রধানমন্ত্রী মোদীয়ে কয় যে ৰাজনৈতিক নেতা এজনৰ যোগাযোগ, উৎসর্গিত মনোভাব আৰু জনতাৰ সৈতে সম্পর্ক থাকিব লাগিব৷ ব্যক্তিসমূহৰ অভিযান সফল হ’ব৷ কিন্তু ব্যক্তিগত আকাংক্ষাৰে চলোৱা ৰাজনীতিৰ ক্ষেত্রখনত বিফল হয়৷ তেওঁ নিজেও আকাংক্ষাৰে নহয়, অভিযান লৈ ৰাজনীতিত প্রৱেশ কৰিছে৷ ৰাজনীতিত প্রৱেশ কৰা সহজ, কিন্তু বিভিন্ন প্রত্যাহ্বানৰ মাজত সফলতা লাভ কৰাটো কঠিন৷ সেয়েহে ৰাজনীতিত দক্ষতাৰ আৱশ্যক৷ সম্প্রতি দেশত যুৱপ্রজন্মৰ ৰাজনীতিকৰ প্রয়োজন, যাৰ নিঃস্বার্থভাৱে দেশ সেৱাৰ আকাংক্ষা থাকে৷ আনপিনে, তেওঁ পুনৰ কয়– ভুল হৈ যায়৷ ময়ো ভুল নকৰা নহয়৷ ময়ো মানুহ, ভগৱান নহয়৷ তাৎপর্যপূর্ণ যে প্রধানমন্ত্রী মোদীয়ে এবাৰ নিজেই জৈৱিক ৰূপ নহয় বুলি ঘোষণা কৰি তীব্র বিতর্কৰ মাজত সোমাই পৰিছিল৷ প্রধানমন্ত্রী মোদীয়ে কয়– ৰাজনীতিত সফলতাৰ বাবে চূড়ান্ত উৎসর্গিত ভাব, জনতাৰ সৈতে ভাল আৰু বেয়া সময়ত সম্পর্ক ৰক্ষা কৰা আৰু টীম হিচাপে কাম কৰাৰ সক্ষমতা থাকিব লাগিব৷ যদি কোনোবাই বিশ্বাস কৰে যে তেওঁৰ কথা সকলোৱে শুনিব কিম্বা সকলোৱে তেওঁৰ দৰে কাম কৰিব, তেতিয়া সেয়া ভুল কথা৷ কিছু নির্বাচনত জিকা মানেই সফল নেতা হিচাপে উজ্জীৱিত হোৱাৰ কোনো নিশ্চিতি নাই৷ স্বাধীনতা সংগ্রামৰ বাবে যুঁজ আৰু স্বৰাজোত্তৰ ভাৰতত ৰাজনৈতিক মানচিত্রৰ বাবে যুঁজৰ মাজত তুলনা কৰি প্রধানমন্ত্রী মোদীয়ে কয়– স্বাধীনতাৰ কাৰণে ভাৰতীয় সংগ্রামত বিভিন্ন সম্প্রদায়ৰ লোকে অংশগ্রহণ কৰিছিল, বিভিন্ন ধৰণে অৰিহণা যোগাইছিল৷ কিছুসংখ্যকে জনতাক সচেতন কৰিছিল, কিছুসংখ্যকে খাদী বস্ত্র তৈয়াৰ কৰিছিল, কিছুসংখ্যকে জনজাতিৰ উন্নতিৰ বাবে গুৰুত্বপূর্ণ ভূমিকা লৈছিল৷ সেই সকলোবোৰেই দেশপ্রেমৰ উদ্যমত একত্রিত হৈছিল৷ কিন্তু স্বাধীনতাৰ পাছত কিছুসংখ্যক ব্যক্তিয়ে ৰাজনীতিত পদার্পণ কৰি তেওঁলোকে অমিল অপৈণতা আনিছিল, কোনোধৰণৰ উৎসর্গিত মনোভাব নাছিল৷ তদুপৰি ব্যক্তিগত আকাংক্ষাৰ বিপৰীতে ৰাজনীতিত এটা মিছন লৈ প্রৱেশ কৰা নেতাৰ উদাহৰণ দি প্রধানমন্ত্রী মোদীয়ে কয়– মহাত্মা গান্ধীক উদাহৰণ হিচাপে ল’ব পাৰি৷ তেওঁ মহান বক্তা নহ’ব পাৰে, কিন্তু তেওঁৰ ব্যক্তিত্ব আৰু জনসম্পর্কই দেশক একত্রিত কৰিছিল৷ গান্ধীয়ে নিজে কেতিয়াও টুপী পিন্ধা নাছিল৷ কিন্তু এতিয়া গান্ধী টুপী বুলি বিশ্বই জানে৷ এয়াই হৈছে প্রকৃত যোগাযোগ আৰু নেতৃত্বৰ ক্ষমতা৷ তদুপৰি পেছাগত ৰাজনীতিকে বক্তব্যৰে কিছুদিন থাকিব পাৰে৷ কিন্তু তেনে নেতাই দীর্ঘদিন টিকি থাকিব নোৱাৰে বুলিও কয় প্রধানমন্ত্রী মোদীয়ে৷ যুৱপ্রজন্মই ৰাজনীতিত প্রৱেশ কৰা সন্দর্ভত কামাথে সোধা প্রশ্ণৰ উত্তৰত প্রধানমন্ত্রী মোদীয়ে কয়– দেশে এক লাখ উৎসর্গিত যুৱ ৰাজনীতিক বিচাৰে৷ যিয়ে নিঃস্বার্থভাৱে দেশৰ সেৱাত নিজকে উৎসর্গিত কৰে৷ ৰাজনীতি দিয়া, লোৱা আৰু সজোৱা উচিত নহয় বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে এনে দৃষ্টিভংগী দীর্ঘদিন বর্তি নাথাকে বুলি কয়৷ আনপিনে, কথোপকথনত প্রধানমন্ত্রী মোদীয়ে তেওঁৰ শৈশৱৰ জীৱন সন্দর্ভত কয়– মই পৰিয়ালৰ সকলো সদস্যৰ কাপোৰ ধুইছিলোঁ৷ কাৰণ মোক পুখুৰীলৈ যাবলৈ অনুমতি দিয়া হৈছিল৷ গুজৰাটৰ মুখ্যমন্ত্রী হৈ থকা অৱস্থাত তেওঁৰ পুৰণি বন্ধুসকলক বাসভৱনলৈ মাতি অনা বুলিও কয় প্রধানমন্ত্রী মোদীয়ে৷ ৰাজনৈতিক কেৰিয়াৰ সন্দর্ভত প্রধানমন্ত্রী মোদীয়ে কয়– প্রথম কার্যকালত জনতাই মোক বুজিবলৈ চেষ্টা কৰিছিল আৰু ময়ো দিল্লীক বুজিবলৈ চেষ্টা চলাইছিলোঁ৷ দ্বিতীয়টো কার্যকালত অতীতক মই অনুধাৱন কৰিছিলোঁ আৰু এতিয়া তৃতীয়টো কার্যকালত মই মোৰ চিন্তা–ভাবনা ৰূপান্তৰিত কৰিছোঁ৷ মোৰ নৈতিক সাহস উচ্চ আৰু দেশক উচ্চস্তৰলৈ নিয়াই মোৰ সপোন৷ ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াটো তেওঁৰ বাবে বৃহৎ প্রত্যাহ্বান বুলি কয় প্রধানমন্ত্রীগৰাকীয়ে৷