নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘আপোনাক ভোট দিছোঁ, এতিয়া মোক কইনা বিচাৰি দিয়ক’

🔹 বিধায়কৰ ওচৰত দাবী অবিবাহিত যুৱকৰ

নিউজ ডেস্ক, ১৯ অক্টোবৰ : সাংসদ, বিধায়কসকলৰ দৰে জনপ্রতিনিধিসকলৰ ওচৰলৈ সাধাৰণ লোকে চাকৰি, চৰকাৰী আঁচনিৰ সুবিধা, অর্থ সাহায্য বিচাৰি যায়৷ কিন্তু উত্তৰপ্রদেশৰ বিধায়কৰ ওচৰত এইবাৰ অন্য দাবী জনাই চমক সৃষ্টি কৰিছে এজন যুৱকে৷ ৪৩ বছৰীয়া এই যুৱকজনে বিধায়কৰ ওচৰত এনে দাবী জনালে যিটো শুনি বিধায়কগৰাকীও হতচকিত হৈ পৰে৷ যাত্রাপথত তেল ল’বলৈ ৰাস্তাৰ কাষৰ এটা পেট্র’ল পাম্পত ৰয় বিধায়কৰ গাড়ী৷ তেতিয়াই সেই পেট্র’ল পাম্পৰ অবিবাহিত কর্মী এগৰাকীয়ে আহি বিধায়কগৰাকীক কয়– আপোনাক ভোট দিছোঁ, মোক কইনা বিচাৰি দিয়ক৷ মাহোবাৰ এটা পেট্র’ল পাম্পত ঘটিছে এই ঘটনা৷ এই পাম্পটোত গাড়ীত তেল ল’বলৈ ৰৈছিল চাৰখেড়িৰ বিধায়ক ব্রীজভূষণ ৰাজপুতে৷ তেতিয়াই পাম্পটোৰ কর্মী তথা চাৰখেড়িৰ বাসিন্দা অখিলেন্দ্র খাড়েই বিধায়কগৰাকীৰ সৈতে কথা পাতিব বিচাৰে৷ অনুমতি পাই আগবাঢ়ি আহে অখিলেন্দ্ৰ ৷ বিধায়কগৰাকীয়ে অৱশ্যে প্রথমতে হতচকিত হৈ পিছত হাঁহি হাঁহি অখিলেন্দ্রক কইনা বিচাৰি দিব বুলি কয়৷

You might also like