নিয়মীয়া বাৰ্তা, ৯ছেপ্টেম্বৰ: ভাৰতে নিজৰ সামৰিক শক্তি বৃদ্ধিৰ বাবে অহৰহ চলাই মাজতে আজি ভাৰতীয় বায়ুসেনাৰ মুৰব্বী চীফ মাৰ্শ্বাল ভি আৰ চৌধুৰীয়ে তেওঁৰ পুত্ৰ স্ক্ৱাড্ৰন লীডাৰ মিহিৰ ভি চৌধুৰীৰ সৈতে ৰাফেল বিমান উৰুৱাই শত্ৰুক বাৰ্তা প্ৰেৰণ কৰে। বায়ুসেনা ষ্টেচন হাচিমাৰাত তিনিখন বিমানৰ যুদ্ধ প্ৰশিক্ষণ অভিযানৰ অংশ হিচাপে আজি পিতা-পুত্ৰৰ যুটিয়ে ৰাফেল বিমানৰ উৰণৰ অংশ লয়।
ভাৰতীয় বায়ুসেনাৰ এক বিবৃতিত কোৱা হৈছে যে বায়ুসেনাৰ মুৰব্বী আৰু তেওঁৰ পুত্ৰই যুদ্ধবিমান চলোৱাটো ভাৰতীয় বায়ুসেনাৰ উত্তম পৰম্পৰাৰ এক ধাৰাবাহিকতা। ই ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ বাবে আমাৰ যুৱক-যুৱতীসকলক প্ৰস্তুত কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।
ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে ভাৰতীয় বায়ুসেনা মুৰব্বী মাৰ্শ্বাল ভি আৰ চৌধুৰীয়ে সমালোচনাত্মক বিশ্লেষণ আৰু কাৰ্য্যকৰী প্ৰস্তুতি বৃদ্ধিৰ বাবে ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কমাণ্ডাৰসকলক প্ৰচলিত নিৰাপত্তাৰ পৰিস্থিতি, ভূ-ৰাজনৈতিক পৰিস্থিতি আৰু বিভিন্ন আকস্মিক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত ভাৰতীয় বায়ুসেনাৰ ভূমিকা সম্পৰ্কে অৱগত কৰে। বায়ুসেনাই জনোৱা মতে, সেনাধ্যক্ষ সন্মিলনৰ বাবে ২০২২ চনৰ ০৭ ৰ পৰা ০৯ ছেপ্টেম্বৰলৈ শ্বিলংস্থিত ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰে।
IAF chief Air Chief Marshal VR Chaudhari flew a sortie on Rafale aircraft as part of three aircraft combat training mission at Air Force Station Hasimara with his son Sqn Ldr Mihir V Chaudhari:
IAF pic.twitter.com/1PXTDo72g2— ANI (@ANI) September 9, 2022