নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যদি আজি হজৰত মহম্মদ জীয়াই থাকিলেহেঁতেন… এইবাৰ মুখ খুলিছে তছলিমা নাছৰীনে

বিশেষ বাৰ্তা, ১১ জুনঃ হজৰত মহম্মদ সন্দৰ্ভত বিজেপিৰ সদ্য নিলম্বিত মুখপাত্ৰই বিতৰ্কিত মন্তব্য কৰা আৰু তাৰ ফলত উদ্ভৱ হোৱা বৃহৎ প্ৰতিক্ৰিয়া তথা প্ৰতিবাদত এইবাৰ মুখ খুলিছে নিৰ্বাসিত বাংলাদেশী লেখিকা তাছলিমা নাছৰীনে। তেওঁ কয় যে যদিহে আজি পয়গম্বৰ মহম্মদ জীয়াই থাকিলেহেঁতেন তেন্তে বিশ্বজুৰি মুছলমান ধৰ্মান্ধসকলৰ উন্মাদনা দেখি তেখেত খোদ হতভম্ব হ’লহেঁতেন। টুইটাৰত এই কথা প্ৰকাশ কৰিছে বিতৰ্কিত লেখিকাগৰাকীয়ে। ইয়াৰ পূৰ্বে তেওঁ আন এটা টুইটত কৈছে যে সমালোচনাৰ উৰ্ধত কোনো নহয়, কোনো মানুহ নহয়, কোনো সাধু নহয়, কোনো নবী-কোনো দেৱতা নহয়। পৃথিৱীখনক উন্নত ঠাই হিচাপে গঢ়ি তুলিবলৈ সমালোচনাত্মক নিৰীক্ষণৰ প্ৰয়োজন আছে। “লজ্জা” নামৰ গ্ৰন্থখনে বাংলাদেশত তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰাৰ পিছৰে পৰা প্ৰায় তিনিটা দশক ধৰি নিৰ্বাসনত ভাৰতত বাস কৰি আছে তাছলিমা নাছৰীনে। ইছলাম বিৰোধী মন্তব্যৰ বাবে মৌলবাদী সংগঠনসমূহে মৃত্যুৰ ভাবুকি দিয়াৰ পিছত ১৯৯৪ চনত বাংলাদেশ এৰিবলগীয়া হৈছিল ৫৯ বছৰীয়া লেখিকাগৰাকীয়ে।

You might also like