নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোবাইলত নিৰ্মাণ কৰা প্ৰথমখন অসমীয়া ছবি- এমুঠি পুঠী

নিয়মীয়া বাৰ্তা, ১১ জুনঃ মোবাইলত নিৰ্মাণ কৰা হৈছে প্ৰথমখন অসমীয়া ছবি। তিনি প্ৰজন্মৰ নাৰীৰ কাহিনীকলৈ নিৰ্মাণ কৰা হৈছে এমুঠি পুঠী নামৰ এই ছবিখন । ৰঙিয়াত এই কথাছবিখনৰ প্ৰচাৰৰ বাবে উপস্থিত কলা-কুশলী । ৰঙিয়া মহাবিদ্যালয়ত এই কথাছবিখনৰ প্ৰচাৰৰ বাবে উপস্থিত হয় চিনেমাখনৰ কলা-কুশলীৰ দলটো । অসমীয়া ছবিজগতৰ দুৰ্দিনৰ সময়তে নৱ নিৰ্মিত ছবিখনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে শিল্পীসকলে । কথাছবিখনক লৈ আশাবাদী শিল্পীসকল ।

ইফালে মহাবিদ্যালয়খনত ছবিখনৰ প্ৰচাৰ কাৰ্যক লৈ ছাত্র-ছাত্ৰীসকল উৎসাহিত হৈ পৰে। ইয়াৰ পাছতে দলটো ৰঙিয়া আঞ্চলিক ছাত্র সন্থাৰ কাৰ্যালয়ত উপস্থিত হয় । অসমীয়া জাতীয় কলা-কৃষ্টি সমৃদ্ধ চলচ্চিত্ৰ জগতখন শিল্পীৰ দলটোৱে পুনৰুজ্জীৱিত কৰাৰ প্ৰয়াসৰ শলাগ লয় সংগঠনটোৰ নেতৃবৃন্দই। নৱনিৰ্মিত ছবিখন আদৰি লোৱাৰ বাবে কলানুৰাগী ৰাইজক আহ্বান জনায় সংগঠনটোৰ নেতৃবৃন্দই ।

You might also like