আইএমএৰ শিক্ষার্থী তালিবানৰ জ্যেষ্ঠ নেতা
নিয়মীয়া বাৰ্তা ২১ আগষ্টঃ ডেৰাডুনৰ ইণ্ডিয়ান মিলিটাৰী একাডেমী (আইএমএ)ৰ ১৯৮২ৰ বেটছৰ শিক্ষার্থী আছিল শ্বেৰ মহম্মদ আব্বাছ ষ্টানিকজাই৷ আফগানিস্তানৰ পৰা আহিছিল ইণ্ডিয়ান মিলিটাৰীত প্রশিক্ষণ ল’বলৈ৷ শিক্ষক তথা সতীর্থসকলৰ মাজত জনপ্রিয় হৈছিল শ্বেৰু নামেৰে৷ সেই শ্বেৰুৱেই এতিয়া তালিবানৰ জ্যেষ্ঠ নেতা৷ কেনেদৰে শান্ত–শিষ্ট শ্বেৰু কট্টৰ ইছলামপন্থীলৈ সলনি হ’ল তাক লৈ হতবাক তাহানিৰ সতীর্থসকল৷ কাবুল দখল কৰাৰ পাছতেই তালিবানৰ যিসকল নেতাৰ আলোকচিত্র মুকলি কৰি দিয়া হৈছে তাৰ মাজত আছে ৬০ বছৰীয়া শ্বেৰু৷ বহু সতীর্থ তথা অৱসৰপ্রাপ্ত সেনা বিষয়াই শ্বেৰুক তালিবানৰ ৰূপত দেখিবলৈ পাই আশ্চর্য প্রকাশ কৰিছে৷