অশ্লীলতা সন্দর্ভত ইমৰান খানক উভতি ধৰিলে প্রাক্তন পত্নী জেমিমাই
নিয়মীয়া বাৰ্তা ৯ এপ্ৰিলঃ পাকিস্তানৰ প্রধানমন্ত্রী ইমৰান খানে ধর্ষণ তথা যৌন আতিশয্যৰ ঘটনা বৃদ্ধি পোৱাৰ অন্তৰালত অশ্লীলতা বুলি বিতর্কিত মন্তব্য কৰাৰ পাছতে নেতাগৰাকীৰ প্রাক্তন পত্নী জেমিমা গ’লস্মিথে ছ’চিয়েল মিডিয়া টুইটাৰত খানক উভতি ধৰিছে৷ টুইটাৰৰ এক পোষ্টত জেমিমাই উল্লেখ কৰিছে যে ইমৰান খানৰ মন্তব্য ভুলকৈ সংবাদ মাধ্যমত সদৰী হোৱা বুলি ক’লে তেওঁ সুখী হ’ব৷ সমাজত অশ্লীলতা হ্রাস কৰাৰ দায়িত্ব পুৰুষৰ ওপৰত বুলিও উল্লেখ কৰে জেমিমা গ’ল্ডস্মিথে৷ অকল সেয়াই নহয়, ইমৰান খানৰ প্রাক্তন পত্নী প্রধানমন্ত্রীগৰাকীক্ উভতি ধৰি কৈছে যে আচলতে মহিলাক বোর্খা পৰিধান কৰোৱাৰ পৰিৱর্তে পুৰুষৰ চকুত আৱৰণ দিয়া উচিত৷ তেতিয়াহে ধর্ষণ আৰু যৌন আতিশয্যৰ ঘটনা হ্রাস পাব বুলিও উল্লেখ কৰে জেমিমাই৷