নিয়মীয়া বাৰ্তা ৯ এপ্ৰিলঃ বিভিন্ন ৰাজ্যত চলা নির্বাচনী প্রচাৰ সমাৱেশত অংশগ্রহণ কৰা প্রতিজন ব্যক্তিয়ে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক হয়নে নাই সেয়া নিশ্চিত কৰিবলৈ দিল্লী উচ্চ ন্যায়ালয়ত দাখিল হোৱা এক আবেদনৰ শুনানি গ্রহণ কৰি বৃহস্পতিবাৰে ন্যায়ালয়ে বিষয়টোৰ সন্দর্ভত স্থিতি স্পষ্ট কৰিবলৈ কেন্দ্রীয় চৰকাৰ আৰু নির্বাচন আয়োগক আহ্বান জনাইছে৷ দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি এম পেটেল আৰু ন্যায়াধীশ যশমীত সিঙে উত্তৰ প্রদেশৰ প্রাক্তন আৰক্ষী প্রধান তথা চেণ্টাৰ ফ’ৰ একাউণ্টেবিলিটী এণ্ড ছিষ্টেমিক চেঞ্জ (চিএএছচি)ৰ অধ্যক্ষ বিক্রম সিঙৰ আবেদনৰ শুনানি গ্রহণ কৰি কেন্দ্রীয় চৰকাৰ আৰু আয়োগলৈ জাননী জাৰি কৰাৰ পাছতে বিষয়টোক লৈ ব্যাপক চর্চা চলিছে৷ উল্লেখনীয় যে ক’ভিড মহামাৰী প্রতিৰোধৰ কোনো প্রট’কল মানি চলা হোৱা নাই নির্বাচনী প্রচাৰৰ সময়ত৷
Prev Post
You might also like