নিয়মীয়া বাৰ্তা ৯ এপ্ৰিলঃ মহাৰাষ্ট্রৰ প্রাক্তন গৃহমন্ত্রী অনিল দেশমুখৰ হৈ চৰকাৰে জনোৱা আবেদন অগ্রাহ্য কৰিছে উচ্চতম ন্যায়ালয়ে৷ বোম্বাই উচ্চ ন্যায়ালয়ে প্রাক্তন মন্ত্রীগৰাকীৰ বিৰুদ্ধে দুর্নীতিৰ গোচৰত চিবিআই তদন্ত চলোৱাৰ নির্দেশ দিয়াৰ পাছত উচ্চ ন্যায়ালয়ৰ এই নির্দেশক মহাৰাষ্ট্র চৰকাৰে উচ্চতম ন্যায়ালয়ত প্রত্যাহ্বান জনাইছিল৷ কিন্তু মুম্বাই আৰক্ষীৰ প্রাক্তন মুৰব্বী পৰমবীৰ সিঙে যি দুর্নীতিৰ অভিযোগ দেশমুখৰ বিৰুদ্ধে আনিছে, সেই সন্দর্ভত এক নিৰপেক্ষ তদন্ত চলোৱা উচিত বুলি উচ্চতম ন্যায়ালয়ে আজি ঘোষণা কৰিছে৷ স্মর্তব্য যে দেশমুখ আৰু পৰমবীৰ সিং দুয়োগৰাকী চৰকাৰৰ উচ্চ পদবীত অধিষ্ঠিত আছিল বাবেই সিঙে অনা অভিযোগৰ গুৰুত্ব আছে বুলি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এছ কে কৌল আৰু হেমন্ত গুপ্তাৰ বিচাৰপীঠে মন্তব্য কৰিছে৷
Next Post
You might also like