নিয়মীয়া বাৰ্তা ১৫ অক্টোবৰঃ আগন্তুক ২৮ অক্টোবৰৰ পৰা তিনিটা পর্যায়ত অনুষ্ঠিত হ’বলগীয়া বিহাৰ বিধানসভা নির্বাচন এইবাৰ লোক জনশক্তি পার্টী (এলজেপি)ৰ বাবে এক অগ্ণিপৰীক্ষা সদৃশ হ’ব৷ নীতিশ কুমাৰৰ সৈতে মতানৈক্য বৃদ্ধি পোৱাৰ পিছত বিহাৰত অকলে নির্বাচনত প্রতিদ্বন্দ্বিতাৰ সিদ্ধান্ত লৈছে দলটোৱে৷ লক্ষণীয়ভাৱে বিজেপি তথা প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্রতি আস্থা আছে যদিও এল জে পিয়ে নীতিশ কুমাৰৰ নেতৃত্বত বিহাৰত প্রতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত লৈছে৷ ইতিমধ্যে বিজেপি আৰু নীতিশৰ জে ডি(ইউ)এ আসন ভাগ–বাটোৱাৰা কৰিছে৷ ফলত সংকট বৃদ্ধি পাইছে এল জে পিৰ৷ ইফালে, বিজেপিয়ে জে ডি(ইউ)ৰ সৈতে মিত্রতা ৰক্ষা কৰি নির্বাচনত ঐক্যবদ্ধভাৱে প্রচাৰ চলোৱাৰ সিদ্ধান্ত লোৱাৰ লগে লগে এন ডি এ শিবিৰত এল জে পিৰ গুৰুত্ব হ্রাস পাইছে৷ গতিকে এল জে পিৰ নেতা চিৰাগ পাছোৱানৰ বাবে এইবাৰ নির্বাচন হৈ পৰিছে এক প্রত্যাহ্বান৷ নিজৰ শক্তিৰ ওপৰত নির্ভৰ কৰিয়েই নির্বাচনত দলটোৱে দেখুৱাব লাগিব চমৎকাৰ৷ এনে পৰিস্থিতিত বিহাৰৰ নির্বাচনী যুঁজ হৈ পৰিছে আকর্ষণীয়৷