নিয়মীয়া বাৰ্তা ১৮ আগষ্টঃ উত্তৰ প্রদেশৰ গোৰখপুৰত ১৭ বছৰীয়া যুৱতী এগৰাকীক অপহৰণ কৰি দুর্বৃত্তই গণধর্ষণ চলোৱা ঘটনাক লৈ দেশজুৰি সৃষ্টি হৈছে চাঞ্চল্য৷ দলিত সম্প্রদায়ৰ এই যুৱতীগৰাকীক শুকুৰবাৰে দুই দুর্বৃত্তই অপহৰণ কৰি ধর্ষণ কৰাৰ উপৰি চিগাৰেটেৰে শৰীৰৰ বিভিন্ন স্থানত অগ্নিসংযোগ কৰে৷ যুৱতীগৰাকীৰ দেহৰ বিভিন্ন স্থানত চিগাৰেটৰ জ্বলনৰ চিহ্ণ স্পষ্ট হৈ আছে৷
শেহতীয়াকৈ গোৰখপুৰৰ জিলা হাস্পতালত যুৱতীগৰাকীক চিকিৎসা প্রদান কৰি থকা হৈছে৷ উল্লেখনীয় যে আৰক্ষীয়ে এই পাশৱিক ঘটনা সংঘটিত কৰা অর্জুন নিশাদ আৰু তেওঁৰ সহযোগী মহেশ যাদৱ ওৰফে চটুক গ্রেপ্তাৰ কৰিছে৷ ইতিমধ্যে দুয়োটা দুর্বৃত্তক ন্যায়িক জিম্মালৈ প্রেৰণ কৰা হৈছে৷ আৰক্ষীৰ উপ–ধীক্ষক শ্যাম দেও বিন্দে উল্লেখ কৰা অনুসৰি ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাৰ অধীনত দুই দুর্বৃত্তৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ৷ অপহৰণ, ধর্ষণ তথা হত্যাৰ অপচেষ্টাৰ অভিযোগ অনা হৈছে দুয়োটা দুর্বৃত্তৰ বিৰুদ্ধে৷
ইফালে এই ঘটনাৰ পাছতে সমগ্র ৰাজ্যখনত বিৰোধী দলসমূহে যোগী চৰকাৰৰ বিৰুদ্ধে কঠোৰ সমালোচনা আৰম্ভ কৰিছে৷ যোগী আদিত্যনাথৰ আমোলত উত্তৰ প্রদেশত এতিয়া কেৱল অপৰাধ, হত্যা, লুণ্ঠন, ধর্ষণ বৃদ্ধি পাইছে বুলি বিভিন্ন দলৰ নেতাই মন্তব্য কৰিছে৷ স্মর্তব্য যে উত্তৰ প্রদেশৰ কেইবাখনো জিলাত সঘনে সংঘটিত হৈ থকা অপৰাধী কাণ্ডৰ বাবে ৰাজ্যখনৰ আৰক্ষীও সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে৷