স্পর্শকাতৰ এলএচিত চীনৰ প্রত্যাহ্বানৰ মোকাবিলা কৰিবলৈ সাজু ভাৰতীয় সেনাবাহিনী
পাংগঙত যুদ্ধ টেংক–যুদ্ধাস্ত্রৰে চীনৰ বিশাল সমৰসজ্জাঃ পৰিস্থিতিৰ সুযোগ নল’বলৈ পাকিস্তানক সকীয়নি চিডিএছ বিপিন ৰাৱাটৰ
নিয়মীয়া বাৰ্তা ৫ ছেপ্টেম্বৰঃ লাডাখৰ এল এ চিৰ পৰিস্থিতি বর্তমান স্পর্শকাতৰ৷ সেয়েহে সকলো প্রত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতীয় সেনা সাজু হৈ আছে৷ –এই মন্তব্য দেশৰ সেনাবাহিনীৰ মুৰব্বী জেনেৰেল এম এম নাৰৱানে৷ যোৱা ২৯ আগষ্টৰ পৰা লাডাখৰ এল এ চিত চীন আৰু ভাৰতীয় সেনাৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ পিছত সশস্ত্র বাহিনীক হাই এলার্ট কৰাৰ পিছত কালি দুদিনীয়া কার্যসূচীৰে লাডাখত উপস্থিত হোৱা সেনাৰ মুৰব্বী জেনেৰেল এম এম নাৰৱানে সীমান্তত সেনাবাহিনী সাজু হৈ থকা বুলি মন্তব্য কৰিছে৷ লাডাখৰ সাম্প্রতিক পৰিস্থিতি সন্দর্ভত সাংবাদিকৰ সৈতে হোৱা কথোপকথনত সেনাৰ মুৰব্বী জেনেৰেল নাৰৱানে কয়– এল এ চিৰ পৰিস্থিতি স্পর্শকাতৰ হৈ আছে৷ এই পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি আমি নিজৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে প্রাক্–সাৱধানতা হিচাপে সেনা মোতায়েন কৰিছোঁ৷ দেশৰ সুৰক্ষা আৰু সংহতি নিৰাপদে ৰাখিবলৈ সেনা সাজু হৈ আছে৷ লাডাখৰ সামৰিক ঘাটি পৰিদর্শন কৰাৰ পিছত জেনেৰেল নাৰৱানে লেহৰ সীমান্তত মোতায়েন হৈ থকা সেনা জোৱানৰ সৈতে মিলিত হয়৷ এই সময়ছোৱাত জেনেৰেল নাৰৱানে সেনাৰ বিষয়া, জেচি’ৰ সৈতে প্রস্তুতিৰ বুজ লয়৷ সেনাৰ মনোবল অতি দৃঢ় হৈ আছে আৰু তেওঁলোকে যিকোনো প্রত্যাহ্বানক প্রতিহত কৰিব৷ তেওঁ পুনৰ কয়– দেশৰ সেনা বিষয়া আৰু জোৱান বিশ্বৰ ভিতৰতেই অধিক দৃঢ় মনৰ৷ তেওঁলোকে সেনাকেই নহয়, দেশকো গৌৰৱান্বিত কৰে৷ উল্লেখ্য যে পাংগং ছ’ত চীনা সেনাই ৰছী আৰু ট্রেকিং হাথিয়াৰেৰে ভাৰতীয় ভূমি দখল কৰিবলৈ চলোৱা অপচেষ্টাক ভাৰতীয় সেনাই বীৰত্বৰে প্রতিহত কৰাৰ পিছতেই লাডাখত বিগত পাঁচ দিন ধৰি পৰিস্থিতি উত্তেজনাময় হৈ আছে৷ এই সন্দর্ভত দুই দেশৰ সেনাৰ কমাণ্ডাৰ পর্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে যদিও মীমাংসাহীনভাৱে সামৰণি পৰিছে৷ ভাৰতীয় সেনাই কোনো কাৰণতে নিজৰ স্থিতি এৰি নিদিয়ে বুলি স্পষ্ট কৰি দিয়াৰ পিছতে এল এ চিত উত্তেজনা অব্যাহত আছে৷ ইপিনে, তথ্য মতে এল এ চিৰ পৰা মাত্র ২০ কিলোমিটাৰ নিলগত লাডাখৰ পূব প্রান্তত পাংগঙৰ দক্ষিণ অঞ্চলত চীনা বাহিনীয়ে যুদ্ধ টেংক আৰু স্থলসেনাৰ শক্তি বৃদ্ধি কৰিছে৷ ভাৰতীয় সেনাই পাংগং ছ’ৰ উচ্চতাত নিজৰ আধিপত্য বিস্তাৰ কৰাৰ পিছতেই চীনে পুনৰ এই অঞ্চলটোত নিজৰ আধিপত্য বিস্তাৰৰ অভিসন্ধি চলাই আছে৷ এই অভিসন্ধি অনুসৰিয়েই উক্ত অঞ্চলৰ সমীপতে যুদ্ধ টেংক, যুদ্ধাস্ত্রসহ পি এল এৰ জোৱান অধিককৈ মোতায়েন কৰিছে৷
লাডাখৰ পৰিস্থিতিৰ সুযোগ নল’বলৈ পাকিস্তানক সকীয়নি চিডিএছ জেনেৰেল বিপিন ৰাৱাটৰ
চীনৰ সৈতে লাডাখত সংঘাত চলি থকাৰ সময়তে চিৰবৈৰী চুবুৰীয়া ৰাষ্ট্র পাকিস্তানক সকীয়নি চিডিএছ জেনেৰেল বিপিন ৰাৱাটৰ৷ লাডাখৰ পৰিস্থিতিক লৈ ভাৰতে ইতিমধ্যে সমৰসজ্জাৰ প্রস্তুতি চলোৱাৰ ইংগিত দি লাডাখৰ পৰিস্থিতিৰ সুযোগ নল’বলৈ পাকিস্তানক সকীয়নি দি চিডিএছ জেনেৰেল ৰাৱাটে কয় যে পাৰমাণৱিক শক্তিসম্পন্ন উপ–মহাদেশীয় চুবুৰীয়া ৰাষ্ট্রৰ সৈতে সংঘাতত ভাৰতে জটিল ভাবুকি আৰু প্রত্যাহ্বানৰ সন্মুখীন হৈছে৷ এই ভাবুকি আৰু প্রত্যাহ্বানক প্রতিহত কৰাৰ বাবে দেশৰ সেনা সষ্টম হৈ আছে৷ যদি এই লাডাখৰ পৰিস্থিতিক লৈ পাকিস্তানে সুযোগ ল’ব বিচাৰে তেতিয়া হ’লে ইয়াৰ পৰিণতি হিচাপে ইছলামাবাদ ভয়াৱহ ক্ষতিৰ সন্মুখীন হ’ব৷