নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত অক্টোবৰত নিবনুৱাৰ হাৰ ৬.৯৮ শতাংশলৈ বৃদ্ধি

চিএমআইইৰ প্রতিবেদন

নিয়মীয়া বাৰ্তা ৩ নৱেম্বৰঃ দেশত নিবনুৱাৰ হাৰ ভয়াৱহ ৰূপত বৃদ্ধি হৈছে৷ অক্টোবৰত নিবনুৱাৰ হাৰ ৬.৯৮ শতাংশলৈ বৃদ্ধি হৈছে৷ ছেপ্টেম্বৰ মাহত নিবনুৱাৰ হাৰ আছিল ৬.৬৭ শতাংশ৷ চেণ্টাৰ ফৰ মনিটৰিং ইক’নমীৰ (চি এম আই ই) প্রতিবেদন মতে দেশত বিগত ছেপ্টেম্বৰ মাহৰ তুলনাত অক্টোবৰত নিবনুৱাৰ হাৰ ১.০৪ শতাংশ বৃদ্ধি হৈ মাহটোত নিবনুৱাৰ হাৰ ৬.৯৮ শতাংশলৈ বৃদ্ধি হৈছে৷ ইপিনে, ক’ভিড–১৯সৃষ্ট পৰিৱেশৰ মাজতে দেশৰ অর্থনীতিলৈ এক ইতিবাচক খবৰ৷ অক্টোবৰত কাৰখানাৰ উৎপাদন বৃদ্ধি পাইছে৷ দশকটোৰ ভিতৰত অক্টোবৰ মাহত চাহিদা বৃদ্ধি হোৱাৰ বাবে কাৰখানাৰ উৎপাদন বৃদ্ধি হৈছে৷ নিকি মেনুফেকচাৰিং পার্ছেজিং মেনেজাৰ ইনডেক্সৰ মতে, অক্টোবৰত উৎপাদনৰ হাৰ ৫৮.৯ শতাংশলৈ বৃদ্ধি হৈছে৷ ছেপ্ঢেম্বৰত এই হাৰ আছিল ৫৬.৮ শতাংশ৷ অক্টোবৰত কাৰখানাৰ উৎপাদনৰ হাৰ ২০১০ চনৰ মে’ৰ পাছত সর্বাধিক৷

You might also like