নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ প্রদেশৰ লখিমপুৰৰ সংঘর্ষৰ ঘটনাঃ কেন্দ্রীয় মন্ত্রী অজয় মিশ্রৰ পুত্র আশিসক ১৪ দিনৰ ন্যায়িক জিম্মাত

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ উত্তৰ প্রদেশৰ লখিমপুৰ–খেৰি অঞ্চলত সংঘটিত সংঘর্ষৰ ঘটনাত জড়িত থকাৰ অভিযোগত কেন্দ্রীয় গৃহ দপ্তৰৰ ৰাজ্যিক মন্ত্রী অজয় মিশ্রৰ পুত্র আশিস মিশ্রক কালি নিশা গ্রেপ্তাৰ কৰাৰ পিছত ১২ ঘণ্টা ধৰি জেৰা কৰে আৰক্ষীয়ে৷ আজি ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্রেৰণ কৰা হৈছে আশিস মিশ্রক৷

লক্ষণীয়ভাৱে আশিস মিশ্রৰ গাড়ীৰে প্রতিবাদী কৃষকক মহটিয়াই যোৱাৰ ফলত চাৰিগৰাকী কৃষকৰ ঘটনাস্থলীতে মৃত্যু হৈছিল বুলি প্রত্যক্ষদর্শীয়ে অভিযোগ কৰি আহিছে৷ আশিসৰ গ্রেপ্তাৰক লৈ হোৱা বিলম্বৰ বাবে উত্তৰ প্রদেশ চৰকাৰক কঠোৰ সমালোচনা কৰিছে কংগ্রেছে৷

You might also like