নিয়মীয়া বাৰ্তা, ৩ মাৰ্চঃ এইবাৰ মুম্বাইৰ তাৰকাৰ গৃহত আয়কৰ অভিযান। আয়কৰ বিষয়াসকলৰ এটা দলে আজি অভিনেত্ৰী তাপসী পান্নু আৰু পৰিচালক অনুৰাগ কাশ্যপৰ ঘৰলৈ গৈ চলায় অভিযান।
সূত্ৰ অনুযায়ী তেওঁলোকে মুম্বাইত ভূমি সম্পৰ্কীয় বিষয়ত কৰ প্ৰদানৰ ক্ষেত্ৰত গাফিলতি কৰাৰ সন্দেহ কৰা হৈছে। আয়কৰ বিষয়াসকলে আজি পুৱাৰ পৰা বাণিজ্যিক চহৰখনৰ কেইবাটাও অঞ্চলত অভিযান চলাইছিল।
বিষয়াসকলৰ এটা দলে অনুৰাগ কাশ্যপৰ ফেন্টম চলচ্চিত্ৰ কাৰ্যালয়তো অভিযান চলায়। আনহাতে প্ৰযোজক মধু মণ্টেনাৰ কাৰ্যালয়তো অভিযান চলায়।
উল্লেখ্য, বলীউডৰ তাৰকাদ্বয়ে কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও নীতি আৰু সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰা দেখা গৈছিল। অনুৰাগ আৰু তাপসীয়ে শেহতীয়াকৈ কৃষকসকলৰ বিষয়ক লৈ কৰা মন্তব্যৰ বাবে আয়কৰ অভিযান নেকি বুলি চৰ্চা হয়। ইয়াকে লৈ কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভাড়েকাৰে উল্লেখ কৰে যে আয়কৰ বিভাগে নিজৰ কাম কৰিছে, ইয়াত ৰাজনৈতিক ৰহণ সনাটো উচিত নহয়।