নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড ৰোগীৰ দেহত ভেঁকুৰৰ সংক্রমণ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ১৬ মে’: দেশজুৰি ক’ভিড ৰোগীৰ দেহত বিৰল ক’লা ভেঁকুৰৰ সংক্রমণক লৈ উদ্বিগ্নতা প্রকাশ কৰি চিকিৎসকসকলক সকীয়নি দিছে এইমছৰ মুৰব্বী ডাঃ ৰণদীপ গুলেৰিয়াই৷ চিকিৎসা সম্পর্কীয় এক অনুষ্ঠানত অংশ লৈ এইমছৰ মুৰব্বী ডাঃ গুলেৰিয়াই ক’ভিড ৰোগীৰ দেহত দেশৰ বিভিন্ন প্রান্তৰ চিকিৎসালয়ত মিউক’ৰমাইক’ছিছ এক বিৰল ক’লা ভেঁকুৰৰ সংক্রমণৰ অৱস্থিতি ধৰা পৰাৰ বিষয়ে উল্লেখ কৰি এই সন্দর্ভত চিকিৎসকসকলক অধিক সচেতন হ’বলৈ সতর্ক কৰি দিয়ে৷

তদুপৰি এইমছৰ মুৰব্বীগৰাকীয়ে ক’ভিড ৰোগীৰ মাজত বিশেষকৈ যিসকল ৰোগী ডায়বেটিছত ভুগি আছে, তেনে লোকৰ ক্ষেত্রত ব্লাড ছুগাৰ লেভেল নিৰীক্ষণ আৰু নিয়ন্ত্রণৰ আৱশ্যকতাৰ সন্দর্ভত গুৰুত্ব দিয়ে৷ ডায়বেটিছ ৰোগীৰ দেহত মাইক’ৰমাইক’ছিছৰ সংক্রমণ বৃদ্ধি হোৱাটো প্রমাণিত হোৱা বাবে দেশজুৰি চিকিৎসকসকলে অধিক সজাগ হোৱাৰ প্রয়োজন আছে৷

ইতিমধ্যে গুজৰাটত এনে ভেঁকুৰ সংক্রমিত হোৱা ৫০০তকৈ অধিক ৰোগী ধৰা পৰিছে৷ মহাৰাষ্ট্রতো ক’ভিড ৰোগীৰ দেহত এই ভেঁকুৰৰ সংক্রমণ প্রমাণিত হৈছে৷ এনে পৰিস্থিতিত দেশৰ চিকিৎসকসকলে ক’ভিড ৰোগীৰ চিকিৎসাত এই ভেঁকুৰৰ সংক্রমণক অধিক গুৰুত্ব দিয়া উচিত৷ মন কৰিবলগীয়া যে চণ্ডীগড়ত এই ভেঁকুৰক ইতিমধ্যে নির্ধাৰিত বীজাণু হিচাপে স্বীকৃতি দিয়া হৈছে৷

You might also like