নিয়মীয়া বাৰ্তা ৪ আগষ্টঃ দেশত দ্রুতগতিত বর্ধিত হৈ আছে ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা৷ ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছার্চ (আইচিএমআৰ)–এ দেশজুৰি লেবৰেটৰী/চিকিৎসালয়ত ক’ভিড–১৯ পৰীক্ষণৰ অনুমতি প্রদান কৰাৰ পিছতে দেশজুৰি বৃদ্ধি পাইছে ক’ভিড–১৯ৰ পৰীক্ষণ৷ বিগত ২৪ ঘণ্টাত ৩,৮১,০২৭জনৰ ক’ভিড–১৯ পৰীক্ষণ সম্পন্ন কৰাৰ লগে লগে দেশত ক’ভিড–১৯ৰ পৰীক্ষণৰ সংখ্যা ২ কোটি অতিক্রম কৰিছে৷ আইচিএমআৰৰ তথ্য মতে সোমবাৰৰ পুৱা ৯ বজালৈকে দেশত ২,০২,০২,৮৫৮জনৰ ক’ভিড–১৯ পৰীক্ষণ কৰা হৈছে৷ ২ কোটিতকৈ অধিক লোকৰ পৰীক্ষণ সম্পন্ন কৰাৰ অন্তত দেশত মুঠ আক্রান্তৰ সংখ্যা ১৮ লাখ অতিক্রম কৰিছে৷ আক্রান্ত ১৮ লক্ষাধিক হোৱাৰ বিপৰীতে প্রাণ হেৰুৱাইছে ৩৮ সহস্রাধিকে৷
উল্লেখ্য যে বিগত ৬ দিন ধৰি দেশত আক্রান্তৰ সংখ্যা প্রতিদিনে ৫০ সহস্রাধিককৈ বৃদ্ধি পাই আছে৷ অর্থাৎ দুদিনত ১ লক্ষাধিককৈ আক্রান্ত হোৱাত দেশত আক্রান্তৰ সংখ্যা ১৮ লাখ অতিক্রম কৰিছে৷ বিগত ২৪ ঘণ্টাত ৫২,৯৭২জন লোক ক’ভিড–১৯ত আক্রান্ত হৈছে আৰু ৭৭১জনৰ মৃত্যু ঘটিছে৷ ১৮ লক্ষাধিক আক্রান্তৰ বিপৰীতে ১১,৮৬,২০৩জন সুস্থ হৈ উঠিছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য মতে দেশত সুস্থৰ হাৰ ৬৫.৪৪ শতাংশ৷ আনপিনে মৃতকৰ হাৰ ২.১৩ শতাংশ৷ উল্লেখ্য যে দেশত ৰাজনীতিকৰ দেহত শেহতীয়াভাৱে ক’ভিড–১৯ৰ সংক্রমণ বৃদ্ধি পাইছে৷
দেওবাৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু তামিলনাডুৰ ৰাজ্যপাল বানোৱাৰীলাল পুৰোহিত ক’ভিড–১৯ত আক্রান্ত হৈ চিকিৎসালয়ত ভর্তি হৈছে৷ যোৱানিশাই কর্ণাটকৰ মুখ্যমন্ত্রী বি এছ য়েডিয়ুৰাপ্পা ক’ভিড–১৯ পজিটিভ নিশ্চিত হোৱাত মুখ্যমন্ত্রীগৰাকীক চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে৷ ইয়াৰ পূর্বে মধ্যপ্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহান ক’ভিড–১৯ত আক্রান্ত হৈ চিকিৎসালয়ত ভর্তি হৈ আছে৷ আনহাতে কেন্দ্রীয় তথ্য–প্রযুক্তি আৰু আইন মন্ত্রী ৰবিশংকৰ প্রসাদ আৰু কেন্দ্রীয় মন্ত্রী বাবুল সুপ্রিয় আইছ’লেচনত আছে৷ নিশা ১০ বজাত যুগুতোৱা বাতৰি মতে দিনটোত দেশজুৰি ৪৭ সহস্রাধিক লোক আক্রান্ত হৈছে৷ ইয়াকে লৈ মুঠ আক্রান্তৰ সংখ্যা ১৮.৫২ লক্ষাধিক হৈছে৷ দিনটোত ৪১ সহস্রাধিক লোক সুস্থ হৈ উঠাত মুঠ সুস্থ হৈ উঠা সংখ্যা লোকৰ সংখ্যা ১২.২৯ লাখলৈ বৃদ্ধি পাইছে৷ আনপিনে দিনটোত ৮০৪ লোকৰ মৃত্যু ঘটাত মৃতকৰ সংখ্যা ৩৮,৯৬৯লৈ বৃদ্ধি পাইছে৷ উল্লেখ্য যে বিশ্বজুৰি আক্রান্তৰ সংখ্যা ১.৮৩ কোটিৰ অধিক হোৱাৰ বিপৰীতে মৃতকৰ সংখ্যা ৬.৯৪ লক্ষাধিক হৈছে৷ আমেৰিকা যুক্তৰাষ্ট্রত আক্রান্তৰ সংখ্যা ৪৮ লক্ষাধিক আৰু মৃতকৰ সংখ্যা ১.৫৮ লক্ষাধিক৷ ব্রাজিলত আক্রান্তৰ সংখ্যা ২৭ লক্ষাধিক আৰু মৃতকৰ সংখ্যা ৯৪ সহস্রাধিক৷