নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংঘর্ষত জর্জৰিত ছুডানত আবদ্ধ ভাৰতীয়ক স্বদেশলৈ ওভতাই অনাৰ প্রক্রিয়া আৰম্ভ

  • ছুডান বন্দৰত উপস্থিত হোৱা ৫০০ ভাৰতীয়ক শীঘ্রেই স্বদেশলৈ: কেন্দ্রীয় বৈদেশিক মন্ত্রী এছ জয়শংকৰ
  • ছুডান বন্দৰত আইএনএছ সুমেধা হাজিৰ, জেদাহত বায়ুসেনা বাহিনীৰ চি–১৩০ জে বিমান সাজু

 

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিল: সংঘর্ষত জর্জৰিত ছুডানত আবদ্ধ চাৰি সহস্রাধিক ভাৰতীয়ক স্বদেশলৈ ওভতাই অনাৰ প্রক্রিয়া আৰম্ভ কৰিছে কেন্দ্রীয় চৰকাৰে৷ যোৱা ১৫ এপ্রিলত ছুডানৰ সেনা আৰু অর্ধসামৰিক বাহিনীৰ মাজত হোৱা সংঘর্ষই পৰিস্থিতি গৃহযুদ্ধৰ পর্যায়লৈ নিয়াৰ সময়তে দেশখনত থকা চাৰি সহস্রাধিক ভাৰতীয়ৰ জীৱনলৈ শংকা নামি আহে৷ ইয়াৰ পৰিপ্রেক্ষিততে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত শীর্ষ পর্যায়ৰ বৈঠকত ছুডানত থকা ভাৰতীয়সকলক ওভতাই অনাৰ সিদ্ধান্ত গ্রহণ কৰাৰ লগতে দেশখনত যাতে সুৰক্ষিত আৰু নিৰাপদ হৈ থাকিব পাৰে, তাৰ বাবে ব্যৱস্থা গ্রহণ কৰে৷ সেইমর্মেই কেন্দ্রীয় চৰকাৰে অপাৰেচন কাবেৰী শীর্ষক অভিযানেৰে ছুডানত আবদ্ধ ভাৰতীয়ক স্বদেশলৈ ওভতাই অনাৰ প্রক্রিয়া আৰম্ভ কৰে৷ কেন্দ্রীয় বৈদেশিক মন্ত্রী এছ জয়শংকৰে টুইটযোগে প্রকাশ কৰা মতে ৰাজধানী খাৰটুমত সংঘর্ষৰ মাজত আবদ্ধ হৈ থকা পাঁচ শতাধিক ভাৰতীয় লোক ইতিমধ্যে ছুডান বন্দৰত উপস্থিত হৈছে৷ এই পাঁচ শতাধিক ভাৰতীয়ক শীঘ্রেই নৌ সেনা বাহিনীৰ জাহাজেৰে স্বদেশলৈ ওভতাই অনা হ’ব৷ ছুডান বন্দৰত নৌ সেনাৰ আই এন এছ সুমেধা হাজিৰ হৈছে আৰু এই জাহাজখনেৰে ভাৰতীয়সকলক নিৰাপদে ওভতাই অনা হ’ব৷ কেন্দ্রীয় বৈদেশিক মন্ত্রী জয় শংকৰে টুইটত প্রকাশ কৰা মতে, শীঘ্রেই পাঁচ শতাধিক ভাৰতীয়ক বন্দৰৰ পৰা স্বদেশলৈ অনা হ’ব৷ বাকী দেশখনৰ প্রান্তে প্রান্তে থকা আন ভাৰতীয়সকলো বন্দৰলৈ ৰাওনা হৈছে৷ স্বদেশলৈ ওভতাই অনাৰ বাবে আই এন এছ সুমেধাৰ উপৰি জেদা বিমানবন্দৰত বায়ুসেনাৰ চি–১৩০ জে বিমান সাজু কৰি ৰখা হৈছে৷ আনপিনে, সংঘর্ষজর্জৰ ছুডানৰ পৰিস্থিতি বিষম হৈ উঠাত কালি ফ্রান্স চৰকাৰে ভাৰতীয়সহ কেইবাজনো বিদেশী নাগৰিকক দেশখনৰ পৰা নিৰাপদে উদ্ধাৰ কৰি নিজ দেশলৈ লৈ গৈছে৷ ফ্রান্স চৰকাৰে দুখন সামৰিক বিমানেৰে যোৱানিশা ২৮খন দেশৰ ৩৮৮জন নাগৰিকক উদ্ধাৰ কৰি আনিছে৷ ইয়াৰ ভিতৰত তিনিগৰাকী ভাৰতীয় লোকো আছে৷

You might also like