নিয়মীয়া বাৰ্তা ১৭ মাৰ্চঃ দেশত আৰম্ভ হৈছে ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰ৷ বিশেষকৈ মহাৰাষ্ট্রত ঘাতক ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰ আৰম্ভ হোৱাটো নিশ্চিত কৰিলে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে৷ কেন্দ্রীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে মহাৰাষ্ট্রৰ মুখ্য সচিবলৈ পত্র লিখি ৰাজ্যখনত ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ প্রসংগ উল্লেখ কৰি ক’ৰোনা আক্রান্তৰ চিনাক্তকৰণ, পৰীক্ষণ, আইছ’লেট আৰু কোৱাৰেণ্টাইনত গুৰুত্ব আৰোপ কৰিবলৈ সতর্ক কৰি দিছে৷ তদুপৰি গ্রাম্য আৰু চহৰীয়া উভয় অঞ্চলৰে লোকৰ ক্ষেত্রত ক’ভিড–১৯ৰ প্রট’কল শিথিল নকৰিবলৈ স্বাস্থ্য সচিবগৰাকীয়ে পত্রত উল্লেখ কৰিছে৷ সম্প্রতি দেশত বিগত কেইবাদিন ধৰি ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা পুনৰ বৃদ্ধি পাইছে৷ বিগত ২৪ ঘণ্টাত ২৪,৪৯২জন লোক ক’ভিড–১৯ত আক্রান্ত হোৱাৰ বিপৰীতে ১৩১জনৰ প্রাণহানি হৈছে৷ দেশত মুঠ আক্রান্তৰ সংখ্যাই ১.১৪ কোটি অতিক্রম কৰিছে৷ অৱশ্যে দেশত সুস্থতাৰ হাৰো অধিক৷ বর্তমান ২,২৩,৪২৩ ৰোগী চিকিৎসাধীন হৈ আছে৷ আনহাতে বিগত ২৪ ঘণ্টাত ১৩১ লোকৰ মৃত্যু ঘটাত মৃতকৰ সংখ্যা ১,৫৮,৮৫৬জনলৈ বৃদ্ধি পাইছে৷ ক’ভিড–১৯ত আক্রান্ত আৰু মৃতকৰ তালিকাত শীর্ষস্থানত থকা মহাৰাষ্ট্রত বিগত কেইবাদিন ধৰি ঘাতক ভাইৰাছটোৰ দ্বিতীয় জোৱাৰ চলি থকাত ৰাজ্যখনৰ কেইবাখনো জিলাত আংশিক লকডাউন আৰু নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে৷ বিগত ২৪ ঘণ্টাত মহাৰাষ্ট্রত ১৭,৮৬৪জন লোক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ ইয়াকে লৈ ৰাজ্যখনত মুঠ আক্রান্তৰ সংখ্যা ২৩ লক্ষাধিক৷
তেনেদৰে বিগত ২৪ ঘণ্টাত ৮৭জন লোক প্রাণহানি হৈছে৷ দেশৰ ভিতৰতে সর্বাধিক ক’ভিড–১৯ আক্রান্ত ৰোগী ৰাজ্যখনত চিকিৎসাধীন হৈ আছে৷ ৰাজ্যখনত মুঠ চিকিৎসাধীন ক’ভিড–১৯ ৰোগীৰ সংখ্যা ১,৩৮,৮১৩জন৷ বিগত ২৪ ঘণ্টাত মুম্বাইত ১,৯২২ লোক আক্রান্ত হৈছে৷ মহাৰাষ্ট্রৰ পিছত মধ্যপ্রদেশৰ ভূপাল আৰু ইন্দোৰতো কাইলৈৰ পৰা নৈশ সান্ধ্য আইন ঘোষণা কৰিছে৷ ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ প্রতি লক্ষ্য ৰাখি মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানে ভূপাল আৰু ইন্দোৰত নৈশ সান্ধ্য আইনৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ কাইলৈৰ পৰা নিশা ১০ বজাৰ পাছত জব্বলপুৰ, গোৱালিয়ৰ, উজ্জয়ন, বাটলাৰ, চিন্দাৱাৰা, বেটুল, বুৰহানপুৰ আৰু খার্গনত বজাৰ বন্ধ থাকিব৷ মহাৰাষ্ট্রৰ সীমান্তৱর্তী আঠখন জিলাত নতুন নির্দেশনা জাৰি কৰা হৈছে৷ আনহাতে গুজৰাটৰ চাৰিখন মুখ্য চহৰত নৈশ সান্ধ্য আইনৰ সময়সীমা বৃদ্ধি কৰা হৈছে৷ ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা বর্ধিত হৈ থকাৰ পৰিপ্রেক্ষিতত আহমেদাবাদ, চুৰাট, বদোদৰা আৰু ৰাজকোটত নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ নৈশ সান্ধ্য আইন বলৱৎ হ’ব৷ ইয়াৰ পূর্বে এই চহৰকেইখনত নিশা ১২ বজাৰ পৰা পুৱা ৬ বজালৈ নৈশ সান্ধ্য আইন বলৱৎ আছিল৷ ৩১ মার্চলৈকে নতুন নির্দেশনা বাহাল থাকিব৷ লক্ষণীয় যে ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা টি–২০ ছিৰিজত আন তিনিখন মেচ নৰেন্দ্র মোদী ক্রিকেট ষ্টেডিয়ামত দর্শক অবিহনে অনুষ্ঠিত হ’ব৷