নিয়মীয়া বাৰ্তা, ৬ জুলাইঃ দেশজুৰি ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ সংক্রমণৰ হাৰ নিম্নগামী হৈ আহিছে৷ আক্রান্ততকৈ সুস্থ হোৱা লোকৰ সংখ্যা বিগত ৫৩ দিন ধৰি অধিক হৈ আছে৷ যোৱা ২৪ ঘণ্টাত আক্রান্ত হৈছে ৩৯,৭৯৬৷ এই আক্রান্তৰ সংখ্যা হৈছে ৮৮ দিনৰ মূৰকত এদিনত সর্বনিম্ন৷ যোৱা ২৪ ঘণ্টাত ৩৯,৭৯৬জন আক্রান্ত হোৱাত দেশজুৰি আক্রান্তৰ সংখ্যা ৩,০৫,৮৫,২২৯জনলৈ বৃদ্ধি পাইছে৷
ইপিনে, মৃতকৰ সংখ্যা লাহে লাহে নিম্নগামী হৈ আহিছে৷ যোৱা ২৪ ঘণ্টাত ৭২৩জনৰ মৃত্যু ঘটাত দেশজুৰি মৃতকৰ সংখ্যা ৪,০২,৭২৮জনলৈ বৃদ্ধি পাইছে৷ লক্ষণীয় যে বিগত ৫৩ দিন ধৰি আক্রান্ততকৈ সুস্থ হোৱা লোকৰ সংখ্যা অধিক হৈ আছে৷ যোৱা ২৪ ঘণ্টাত আক্রান্তৰ বিপৰীতে সুস্থ হোৱা লোকৰ সংখ্যা দুই সহস্রাধিক বৃদ্ধি পাই সুস্থ হৈ উঠিছে ৪২,৩৫২জন৷ ইয়াকে লৈ সুস্থ হোৱা লোকৰ সংখ্যা ২,৯৭,০০,৪৩০জনলৈ বৃদ্ধি পাইছে৷
কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি দেশৰ সুস্থতাৰ হাৰ ৯৭.১১ শতাংশ৷ বর্তমান সক্রিয় ক’ভিড ৰোগীৰ সংখ্যা ৫ লাখৰ তললৈ নামিছে৷ অর্থাৎ সক্রিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছে ৪,৮২,০৭১জন৷ এই সংখ্যা হৈছে মুঠ আক্রান্তৰ ১.৭ শতাংশ৷ স্বাস্থ্য মন্ত্রালয়ৰ তথ্য মতে দেশত সাপ্তাহিক পজিটিভিটীৰ হাৰ ২.৪০লৈ নিম্নগামী হৈছে, তেনেদৰে দৈনিক পজিটিভিটীৰ হাৰ ২.৬১ শতাংশ৷ মৃত্যুৰ হাৰ ১.৩২ শতাংশ৷
আনপিনে দেশজুৰি সোমবাৰৰ পুৱালৈকে মুঠ ৩৫.২৮ কোটি ভেকচিনৰ ড’জ প্রদান কৰা হৈছে৷ ইয়াৰ ভিতৰত আছে স্বাস্থ্যকর্মীক প্রথম ড’জ ১,০২,২৯,৩৮৮ দ্বিতীয় ড’জ ৭২৩,১৩,২৩৪৷ অগ্রণী যোদ্ধাক প্রথম ড’জ ১,৭৫,৮৬,২০০ দ্বিতীয় ড’জ ৯৬,৬৯,৩২২৷ ১৮–৪৪ বছৰৰ লোকক প্রথম ড’জ ১০,০৭,২৪,২১১ দ্বিতীয় ড’জ ২৭,৭৭,২৬৫৷ ৪৫–৫৯ বছৰৰ লোকক প্রথম ড’জ ৯,০৭,৯০,১১৬ দ্বিতীয় ড’জ ১,৮৯,৫৪,০৭৩৷ ৬০ বছৰৰ ঊর্ধ্বৰ লোকক প্রথম ড’জ ৬,৮৯,৯৩,৭৬৭ দ্বিতীয় ড’জ ২,৫৮,৫৪,৪৭০৷
আনপিনে, দেশজুৰি দৈনিক পৰীক্ষণৰ হাৰ কিছু নিম্নগামী হ’লেও যোৱা ২৪ ঘণ্টাত ১৫ লক্ষাধিকক পৰীক্ষণ কৰাত দেশজুৰি পৰীক্ষণৰ সংখ্যা ৪১.৯৭ কোটিলৈ বৃদ্ধি পাইছে৷