নিয়মীয়া বাৰ্তা, ১৯ জুনঃ দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাই আছে ক’ভিড–১৯ সংক্রমণৰ ভয়াৱহতা৷ আক্রান্তৰ তালিকাত বিশ্বৰ চতুর্থ স্থানত থকা ভাৰতত মঙলবাৰৰ দিনটোত ২৪ ঘণ্টাৰ ভিতৰত সর্বাধিক ১২ সহস্রাধিক লোক আক্রান্ত হৈ অনাকাংক্ষিত অভিলেখ গঢ়াত দেশত আক্রান্তৰ সংখ্যা ৩.৭০ লাখ অতিক্রম কৰিছে৷ ঠিক তেনেদৰে মৃতকৰ সংখ্যাও দ্রুতগতিত বৃদ্ধি হৈ আছে৷
মঙলবাৰৰ দিনটোত ২৪ ঘণ্টাৰ ভিতৰত দুই সহস্রাধিক লোকে প্রাণ হেৰুওৱাৰ পাছত মৃতকৰ সংখ্যা ১২ সহস্রাধিক হৈছে৷ ইপিনে, দেশৰ ৰাজ্যই ৰাজ্যই ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ প্রতি লক্ষ্য ৰাখি প্রতিখন ৰাজ্যতে ক’ভিড–১৯ পৰীক্ষণৰ লেব’ৰেটৰীৰ সংখ্যা বৃদ্ধি কৰিছে৷
দেশত আক্রান্তৰ সংখ্যা বৃদ্ধিৰ সমান্তৰালকৈ সুস্থ হোৱাৰ হাৰো বৃদ্ধি পাই আছে বুলি কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰিছে৷ বুধবাৰে কেন্দ্রীয় স্বাস্থ্যমন্ত্রী ডাঃ হর্ষবর্ধনে ক’ভিড–১৯ পৰীক্ষণৰ বাবে দেশৰ প্রথমটো ভ্রাম্যমাণ লেব’ৰেটৰী মুকলি কৰে৷ এই ভ্রাম্যমাণ লেব’ৰেটৰীৰ জৰিয়তে দেশৰ বিভিন্ন অঞ্চললৈ গৈ ক’ভিড–১৯ পৰীক্ষণ কৰিব৷
মন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে, প্রতিদিনে এই লেব’ৰেটৰীত ২৫ আৰটি–পিচিআৰ, প্রতিদিনে ৩০০ ইলিছা পৰীক্ষণ আৰু অতিৰিক্তকৈ টিবি, এইচআইভি আদিৰো পৰীক্ষণ কৰিব৷ দেশত ক’ভিড–১৯ পৰীক্ষণৰ লেব’ৰেটৰী বৃদ্ধি হোৱাৰ প্রসংগ উল্লেখ কৰি স্বাস্থ্যমন্ত্রীগৰাকীয়্ কয় যে ফেব্রুৱাৰীত ক’ভিড–১৯ৰ বাবে মাত্র এটা লেব’ৰেটৰী আছিল৷ কিন্তু এতিয়া দেশজুৰি ৯৫৩ লেব’ৰেটৰী আছে৷ ইয়াৰে ভিতৰত চৰকাৰী ৬৯৯টা৷ আনহাতে, ক’ভিড–১৯ সংকটে দেশক এক সুযোগ আনি দিছে বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে মহামাৰী ভাইৰাছে ভাৰতক আত্মনির্ভৰ কৰি তুলিব৷
দেশখনে আমদানিৰ ওপৰত নির্ভৰশীলতা হ্রাস কৰিব৷ উল্লেখ্য যে দেশত সর্বাধিক আক্রান্ত আৰু মৃতকৰ তালিকাৰ শীর্ষস্থানত আছে মহাৰাষ্ট্র৷ মহাৰাষ্ট্রত ১.১৬ লাখতকৈ অধিক আক্রান্ত হোৱাৰ বিপৰীতে প্রাণ হেৰুৱাইছে ৫.৬ সহস্রাধিক লোকে৷ তেনেদৰে আক্রান্তৰ দ্বিতীয় স্থানত আছে তামিলনাডু৷ ৰাজ্যখনত আক্রান্তৰ সংখ্যাই ৫০ হাজাৰ অতিক্রম কৰিছে৷ মৃতকৰ সংখ্যা ৫ সহস্রাধিক৷ তেনেদৰে ৰাজধানী দিল্লীত আক্রান্তৰ সংখ্যা ৫০ হাজাৰ স্পর্শৰ দিশে৷ মৃতকৰ সংখ্যা প্রায় ২ হাজাৰ৷ চতুর্থ স্থানত থকা গুজৰাটত আক্রান্তৰ সংখ্যা ২৫ সহস্রাধিক আৰু মৃতকৰ সংখ্যা ১৫ শতাধিক৷
ইয়াৰ পাছতে উত্তৰ প্রদেশ, ৰাজস্থান, পশ্চিমবংগ, মধ্যপ্রদেশ, হাৰিয়ানা, কর্ণাটক, অন্ধ্রপ্রদেশ, বিহাৰ, তেলেংগানা, জম্মু–কাশ্মীৰ আৰু অসম আছে৷ দেশৰ প্রতিখন ৰাজ্যতেই আক্রান্তৰ সংখ্যা কম–বেছি পৰিমাণে বৃদ্ধি হৈ আছে৷ আনপিনে বিশ্বজুৰি আক্রান্তৰ সংখ্যা ৮৫ লাখ অতিক্রম কৰাৰ দিশে আগবঢ়াৰ বিপৰীতে মৃতকৰ সংখ্যা ৪.৫ লক্ষাধিক৷ তালিকাৰ শীর্ষস্থানত আমেৰিকা যুক্তৰাষ্ট্র, দ্বিতীয় স্থানত ব্রাজিল আৰু তৃতীয় স্থানত ৰাছিয়া আছে৷ তিনিওখন দেশত আক্রান্তৰ সংখ্যা বৃদ্ধি হৈয়ে আছে৷